NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলং জিলাৰ পাহাৰত চলা অবৈধ শিল খননে সংকট কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ

Posted by: উত্তম শইকীয়া April 20, 2018 12:14 pm
2fcc418e-1e67-46bc-a27b-2248fc33feb9

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্ব আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণে অৱস্থিত কাৰ্বি আংলং জিলাৰ প্ৰসাৰিত পাহাৰীয়া বনাঞ্চলৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য৷ বাৰিষাৰ দিনত কাজিৰঙা প্লাৱিত হ’লে বিগত সময় তথা যুগ যুগ ধৰি কাজিৰঙাৰ বন্যপ্ৰাণীয়ে উক্ত পাহাৰতে আশ্ৰয় গ্ৰহন কৰি আহিছে৷

কিন্তু শেষতীয়াকৈ কাৰ্বি আংলং জিলাৰ স্বায়ত্ব শাসিত পৰিষদ আৰু জিলাখনৰ একাংশ বন বিষয়াৰ অদূৰদৰ্শিতা আৰু দায়িত্বহীনতাৰ লগতে দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ বাবেই কাজিৰঙাৰ গাতে লাগি থকা কাৰ্বি আংলঙৰ এই পাহাৰীয়া বনাঞ্চলত অবাধে বন ধ্বংস চলিছে৷ বনাঞ্চলৰ মূল্যবান গছ সমূহ কাটি কাঠৰ চোৰাং ব্যৱসায়,  নীতি বিৰুদ্ধভাৱে প্ৰসাৰিত কৰা চাহ বাগিছা আৰু শিলৰ অবৈধ আৰু অনিয়ন্ত্ৰিত খননে ইতিমধ্যেই পাহাৰ ধ্বংস কৰাৰ লগতে কাজিৰঙাৰ বাবেও ভয়ঙ্কৰ বিপদ কঢ়িয়াই আনিছে৷

কিয়নো এনেবোৰ কাৰ্যৰ বাবেই কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ বন্যপ্ৰাণীয়ে যাতায়ত কৰা কেইটামান অতি গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ ইতিমধ্যেই বন্ধ হৈ পৰিছে৷ ফলত কাজিৰঙাৰ দাতি কাষৰীয়া অঞ্চল সমূহত মানুহ আৰু বনৰীয়া প্ৰাণীৰ সংঘাট বৃদ্ধি পাইছে৷

পাহাৰত হোৱা ভয়ানক শিলখননৰ বাবে বৰষুণৰ পানীৰ লগত নামি অহা শিল মাটিৰ ঢলে কাজিৰঙাৰ বহু জান জুৰি ক্ৰমান্বয়ে পুতি পেলোৱাৰ লগতে ধ্বংস কৰিছে কাজিৰঙাৰ বিস্তীৰ্ণ ঘাঁহনি৷

উল্লেখ্য যে অবাধ খনন কাৰ্য চলোৱাৰ বাবে বাৰিষাৰ সময়ত অহা বৰষুণে পাহাৰৰ নামনিৰ জন বসতি আৰু চাহ বাগিছাবোৰৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ আহিবলগীয়া বিপদক লৈ সচেতন মহল শংকিত হোৱা পৰিলক্ষিত হৈছে।

অসম চৰকাৰৰ লগতে স্বয়ং ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণকো বুঢ়া আঙুলি দেখুৱাই শিল মাফিয়াই এনেদৰে পাহাৰৰ বুকুত আজিও শিলৰ অবাধ খনন চলায় আছে৷

মনকৰিবলগীয়া যে অবৈধভাৱে চলোৱা খনন কাৰ্যৰ বাবে একাংশ বন বিষয়া অধিক লাভান্বিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে। কিন্তু ইয়াৰ বিপৰীতে মৃত্যুৰ মুখলৈ ক্ৰমান্বয়ে ঠেলি দিছে কৰিছে কাজিৰঙা আৰু ইয়াৰ বিৰল জৈৱতন্ত্ৰক৷

শিল মাফিয়াৰ এই চক্ৰটো উৎখাত কৰাৰ বাবে একাংশ বন বিষয়া আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ একাংশ সদস্যক স্থানীয় লোকে আহ্বান জনোৱাৰ লগতে বিষয়টো সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰো হস্তক্ষেপ বিচাৰে।