NORTHEAST NOW (Assamese)
অসম

অনিৰ্দিষ্ট কাললৈ আহ্বান জনোৱা ডিমা হাচাও ৰে’ল অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ

Posted by: পংকজকুমাৰ দেব April 20, 2018 11:08 am
rail blocade

বৃহস্পতিবাৰৰ পৰা ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম চমুকৈ আইএছএফৰ নেতৃত্বত ডিমা হাচাও জিলাত অনিৰ্দিষ্ট কাললৈ অৱলম্বন কৰা ৰে’ল অৱৰোধ কাৰ্যসূচী আজি ৰাতি পুৱা ১০ বজাৰ পৰা প্ৰত্যাহাৰ কৰা হয় বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সভাপতি ডেভিদ কেইভমে।

আজি ৰে’লৱে বিভাগ আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ তৰফৰ পৰা বিষয়টো সন্দৰ্ভত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংগঠনটোক আশ্বাস প্ৰদান কৰাৰ পাছতেই ৰে’ল অৱৰোধ কাৰ্যসূচী বাতিল কৰে।

উল্লেখ্য যে বুধবাৰৰ নিশাৰ পৰাই পাহাৰ লাইনত সকলো ধৰণৰ ৰে’ল চলাচল বাতিল কৰি দিয়াৰ লগতে সংগঠনটোনে আহ্বান জনোৱা ৰে’ল অৱৰোধ কাৰ্যসূচীৰ ফলত উক্ত অঞ্চললৈ ৰে’ল যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। যাৰ ফলত সৰ্বসাধাৰণ ৰাইজ নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ইফালে ৰে’ল বিভাগেও লিখিত ভাৱে ক্ষতিপূৰণ মোকলাই দিয়াৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ লগতে অহা মাহত গুৱাহাটীত এখন যুটীয়া বৈঠক অনুষ্ঠিত হ’ব বুলি নৰ্থ-ইষ্ট নাওক টেলিফোন যোগে জানিবলৈ দিছে আইএছএফৰ সভাপতি ডেভিদ কেইভমে।

উল্লেখ্য যে এন এফ ৰে’লৱেৰ ব্ৰডগজ ৰে’লপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পাহাৰীয়া ৰাইজৰ বাকী থকা ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত ৰে’লৱে বিভাগে অনীহা প্ৰদৰ্শন কৰাত ক্ষুব্ধ হৈ আইএছএফে বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ উক্ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।