NORTHEAST NOW (Assamese)
অসম

মাছৰ বজাৰত প্ৰতি কেজিত ১০,০০০টকাকৈ বিক্ৰী হোৱা এইটোনো কি মাছ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 2, 2019 2:41 pm
449762-whatsapp-image-2019-11-01-at-09.41.11

এটা প্ৰকাণ্ড মাছ। দুৰ্লভ প্ৰজাতিৰ এই মাছটো চাবলৈ বৃহৎ সংখ্যক স্থানীয় লোকে ভিৰ কৰেহি। কিয়নো এনেকুৱা এটা মাছ ইয়াৰ আগেয়ে তেওঁলোকৰ জীৱনত দেখা প্ৰায় মনত নপৰে।

উৰিষ্যাৰ ৰাজনগৰৰ তালচুৱা অঞ্চলত ধৰা হৈছিল এই বিৰল প্ৰজাতিৰ মাছটো।

মাছটো দীঘাৰ বজাৰত ব্যৱসায়ীয়ে প্ৰতি কেজিত ১০,০০০টকাকৈ বিক্ৰী কৰাৰ বাবে লৈ যায়। মাছটোৰ মুঠ দৰ ২ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

মাছটোক ময়ুৰী মাছ বুলি কোৱা হৈছে। মাছটোক বিক্ৰী কৰিবলৈ নিয়াৰ পূৰ্বে স্থানীয় লোকে সভা চাবলৈ যোৱাৰ দৰে আহি ভিৰ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২৫ ছেপ্তেম্বৰত এজন মাছমৰীয়াই এটা মাছ ৭ লাখ ৪৯ হাজাৰ টকাত বিক্ৰী কৰিছিল।

সেই বিশেষ প্ৰজাতিৰ মাছটোক ‘ড্ৰ’ন সাগৰ’ বুলি চিনাক্ত কৰা হৈছিল। তেতিয়া বহু দীৰ্ঘ সময়ৰ পাছত এই বিশেষ প্ৰজাতিৰ মাছটো দেখিবলৈ পোৱা গৈছিল।

মাছমৰীয়া জনে ধৰিবলৈ সক্ষম হোৱা এই বিশেষ প্ৰজাতিৰ মাছটোৰ ওজন ১০৭ আছিল কিলোগ্ৰাম।

বিশেষ প্ৰজাতিৰ সেই মাছটো চেন্নাইৰ এটা দৰৱৰ কোম্পানীয়ে প্ৰতি কিলোগ্ৰাম ৭০০০ টকাকৈ মুঠ ৭ লাখ ৪৯ হাজাৰ টকাত ক্ৰয় কৰি নিছিল।