NORTHEAST NOW (Assamese)
অসম

শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ’ল শতাধিক যুৱ কংগ্ৰেছী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 5, 2019 1:40 pm

অসম প্ৰদেশ যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে কাহিলিপাৰা স্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখভাগ।

ইপিনে, প্ৰতিবাদৰ পূৰ্বেই তাত মজুত কৰি ৰখা হৈছিল নিৰাপত্তাৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীক।

প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতা-হতিৰ সৃষ্টি হয় আৰু  প্ৰতিবাদকাৰীৰ ওপৰত শক্তি প্ৰদৰ্শন কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি টানি আজুৰি চুচুৰাই গাড়ীত উঠাই লৈ যায়।

ইপিনে পুৰুষ আৰক্ষীৰ বিৰুদ্ধে মহিলা প্ৰতিবাদকাৰীৰ গাত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

যুৱতী প্ৰতিবাদকাৰীৰ ভাষ্য,”মোক এজন পুৰুষ আৰক্ষীয়ে পেটত আচুৰি দিছে। এগৰাকী যুৱতীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ সহ্য কৰা নহ’ব।‘’

WhatsApp Image 2019-11-05 at 12.50.48 PM
ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে, বিজেপি চৰকাৰে মধ্যাহ্ন ভোজনৰ দায়িত্ব NGO ক অৰ্পণ কৰি লক্ষাধিক ৰান্ধনীক কৰ্মহীন কৰাৰ লগতে নিম্নমানৰ খাদ্য যোগানেৰে শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ বিৰুদ্ধে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে।

প্ৰতিবাদকাৰীসকলৰ একাংশই হাতত হেতা আৰু থাল লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলামে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে এই সিদ্ধান্ত বাতিলৰ দাবী জনায়।

“চৰকাৰৰ শিক্ষা বিভাগক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ দিয়া নহ’ব।সোণোৱাল চৰকাৰে কমিছনৰাজ বন্ধ কৰক। NGO ক খাদ্য বিতৰণৰ সিদ্ধান্ত বাতিল কৰক,”-কামৰুলে কয়।

আনহাতে, সৰ্ব শিক্ষা মিছন কাৰ্যালয়ৰ গেট পাৰ হৈও কাৰ্যালয় চৌহদত একাংশ যুৱ কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ অন্তত শতাধিক যুৱ কংগ্ৰেছীক কাহিলিপাৰাৰ আৰক্ষীৰ চতুৰ্থ APBNৰ শাখালৈ গ্ৰেপ্তাৰ কৰি লৈ যোৱা হয়।