NORTHEAST NOW (Assamese)
অসম

ইডেন গাৰ্ডেনত ২২ নৱেম্বৰত নতুন ৰূপত দেখা যাব মহেন্দ্ৰ সিং ধোনীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2019 5:31 pm
Dada with MSD

২২ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া দেশৰ প্ৰথমখন দিবা-নৈশ টেষ্টত ধাৰাভাষ্যকাৰ হিচাপে দেখা পোৱাৰ সম্ভাৱনা আছে বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক।

দেশৰ মাটিত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন দিবা-নৈশ টেষ্টক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে খেল সম্প্ৰচাৰকাৰী সংস্থা স্টাৰ স্পোৰ্টছে দেশৰ সকলো টেষ্ট অধিনায়কক আমন্ত্ৰণ জনোৱাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

স্টাৰ স্পোৰ্টছে ইতমধ্যে এই সম্পৰ্কত বিচিচিআইলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

পৰিকল্পনা অনুসৰি জাতীয় সংগীত পৰিবেশনৰ সময়ত দেশৰ প্ৰাক্তন অধিনায়ক সকলক খেলপথাৰত দেখা যাব আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ধাৰাভাষ্যকাৰ হিচাপে নিজৰ নিজৰ অভিজ্ঞতা দাঙি ধৰিব।

সকলো পৰিকল্পনা অনুসৰি হ’লে প্ৰথমবাৰৰ বাবে মহেন্দ্ৰ সিং ধোনীক খেলপথাৰৰ পৰিৱৰ্তে ধাৰাভাষ্যকাৰ হিচাপে নতুন ৰূপত দেখা পোৱা যাব।

আনহাতে, ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০০১ চনত ভাৰতৰ ঐতিহাসিক বিজয়কো স্মৰণীয় কৰি ৰখাৰ বাবে পৰিকল্পনা কৰা হৈছে।

সেই অনুসৰি বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, ভিভিএছ লক্ষ্মণ, হৰভজন সিং, অনিল কুম্বলে নিজৰ অভিজ্ঞতা সকলোৰে আগত দাঙি ধৰিব।