NORTHEAST NOW (Assamese)
Popular Stories

নাগৰিকত্ব আইনৰ ৬ক ধাৰাৰ সাংবিধানিক বৈধতা পৰীক্ষাৰ বাবে গঠিত হ’ব সাংবিধানিক বিচাৰপীঠ

Posted by: এন ই নাও নিউজ February 5, 2018 11:10 pm
supreme-court

নাগৰিকত্ব আইনৰ ৬ক ধাৰাৰ সাংবিধানিক বৈধতা পৰীক্ষা কৰিবৰ বাবে এখন সাংবিধানিক বিচাৰপীঠ গঠন কৰা হ’ব।

উচ্চতম ন্যায়ালয়ে আজি সোমবাৰে এই কথা ঘোষণা কৰে।

মুখ্য ন্যায়াধীশ দীপক চোপ্ৰা আৰু ন্যায়াধীশ এ’ এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ৰ এখন তিনিজনীয়া বিচাৰপীঠে কয় যে সাংবিধানিক বিচাৰপীঠখনে নাগৰিকত্ব আইনৰ এই নিৰ্দিষ্ট ধাৰাটোৰ সাংবিধানিক বৈধতা সম্পৰ্কে বিচাৰ কৰিব।

এই সম্বন্ধীয় গোচৰটোৰ এজন গুচৰীয়া অসম সন্মিলিত মহাসংঘৰ মুৰব্বী মতিউৰ ৰহমানে কয়, ‘মাৰ্চ মাহৰ ভিতৰত এই সাংবিধানিক বিচাৰপীঠ গঠন কৰা হ’ব।’

aasu press statement
আছুৰ প্ৰে’ছ বিবৃতি

ইয়াৰ পূৰ্বে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু এফ আৰ নৰিমনেও আইনখনৰ এই ধাৰাটোৰ সাংবিধানিক বৈধতা পৰীক্ষাৰ বাবে ৫ জনীয়া এক সাংবিধানিক বিচাৰপীঠ গঠনৰ পৰামৰ্শ আগবঢ়াইছিল।

নাগৰিকত্ব আইনৰ ৬ক ধাৰাই ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা সকলো অনুপ্ৰৱেশকাৰীকে অবৈধ বুলি অভিহিত কৰে আৰু নাগৰিকৰ মৰ্য্যাদা দিবই লগা ‘স্থানান্তৰিত লোক’ (উৎপীড়নৰ পৰা বাচিবলৈ পলায়ন কৰা মূলতঃ হিন্দু আৰু অন্যান্য সংখ্যালঘূ গোট)ৰ পৰা এইসকলক পৃথক কৰিবই লাগিব বুলি নিৰ্দেশ দিয়ে।

এন ই নাওলৈ আছুৱে প্ৰেৰণ কৰা এক প্ৰে’ছ বিবৃতিত কোৱা হৈছে, ‘অসম চুক্তিৰ আধাৰত অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান সম্ভৱ।’

আছুৱে চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ বাবে এক সময়নিৰ্ধাৰিত কাৰ্য্যসূচীৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে।

আজিৰ শুনানিৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু শিক্ষাবিদ বসন্ত ডেকাও উচ্চতম ন্যায়ালয়ত উপস্থিত থাকে।