NORTHEAST NOW (Assamese)
অসম

সুস্থ হৈ উঠিছে অভিনেতা নিপন গোস্বামী; পুনৰ চলচ্চিত্ৰত ভুমুকি মৰাৰ প্ৰতিশ্ৰুতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2019 8:50 am

বৰ্তমান প্ৰবীণ অভিনেতা নিপন গোস্বামী সুস্থ হৈ উঠিছে। প্ৰায় তিনিটা সপ্তাহ চিকিৎসাধীন হৈ থকা অসমীয়া চলচ্চিত্রৰ বিশিষ্ট অভিনেতা গৰাকী কালি স্বগৃহলৈ ঘূৰি আহে।

বাসগৃহত উপস্থিত হোৱাৰ পিছতে প্ৰবীণ অভিনেতাগৰাকীয়ে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিলে পুনৰ এখন চিনেমা কৰাৰ কথা চিন্তা কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তেওঁ সংবাদ মাধ্যমৰ কয় যে শেষ বয়সত এখন চিনেমাত অভিনয় কৰাৰ বাবে তেওঁৰ মনত এক দুৰ্বাৰ হেঁপাহ আছে।

আনহাতে অভিনেতাগৰাকীৰ বাসগৃহত মঙলবাৰে জুবিন গাৰ্গ উপস্থিত হৈ অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। লগতে অনাগত দিনত জুবিন গাৰ্গে অভিনেতা গৰাকীক সহায় কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে।

ইফালে অভিনেতা গৰাকী সুস্থ হৈ ঘৰত উপস্থিত হোৱাৰ পিছতে বিভিন্ন অনুৰাগীয়ে তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। লগতে অভিনেতাগৰাকীয়ে পুনৰ অসমীয়া চলচ্চিত্ৰত অভিনয় কৰাটোও অনুৰাগী সকলে কামনা কৰে।