NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ মৰাণত মাৰুতি আৰু বাইকৰ প্ৰচণ্ড মুখামুখি সংঘৰ্ষ; গুৰুতৰভাৱে আহত দুজন লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2019 6:43 pm
Accident at Maran

শিৱসাগৰ জিলাৰ মৰাণত বুধবাৰে সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত নীলোৎপল গগৈ আৰু অভিজিৎ গগৈ নামৰ দুজন লোক গুৰুতৰভাৱে আহত হয়।

আহত দুয়োজন লোককে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও নীলোৎপল গগৈৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আজি শিৱসাগৰৰ দিশৰ পৰা আহি থকা এ এছ-০৬-এল-৮১৬০ নম্বৰৰ এখন মাৰুতি-৮০০ ৰ সৈতে বিপৰীতে দিশৰ পৰা আহি থকা এ এছ-২৩-এক্স-৬৫৮০ নম্বৰৰ এখন পালচাৰ বাইকৰ প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

মুখামুখি সংঘৰ্ষটোত বাইকখনত আহি থকা আৰোহী দুজন বহু দুৰলৈ ওফৰি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত লোক দুজনক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী দুজনৰ ঘৰ মৰাণ চেপনৰ বকতাত বুলি জানিব পৰা গৈছে।

আনহাতে, ঘটনাস্থলীত মৰাণ আৰক্ষীৰ এটা দল  উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰে।