NORTHEAST NOW (Assamese)
অসম

পাছবুকত ষ্টেম্প মৰা আৰম্ভ, বেংকত সৰ্বোচ্চ ১ লাখ টকাৰহে গেৰাণ্টি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2019 9:13 pm
5295-bank-indisde-new-750x375

একোটা ভাৰতীয় বেংক দেউলীয়া হ’লে তাৰ একোজন গ্ৰাহকে মুঠ জমাৰ ১লাখ টকালৈকেহে ঘূৰাই পোৱাৰ গেৰাণ্টি আছে।

আৰু এইচ দি এফ চি বেংকে এই ঘোষণা এতিয়া পাছবুকত ষ্টেম্প মাৰি দিবলৈ আৰম্ভ কৰিছে।

বেংকটোক এই সন্দৰ্ভত এজন গ্ৰাহকে প্ৰশ্ন কৰাত তেওঁলোকে জনাইছে যে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি এই কাম কৰা হৈছে।

কোৱা হৈছে যে, বেংক দেউলীয়া হ’লে বা বৃহৎ পৰিমাণৰ ঠগবাজি ঘটিলে বেংকে গ্ৰাহকক ১লাখ টকালৈকে দিবলৈহে দায়বদ্ধ থাকিব।

‘Deposit Insurance and Credit Guarantee Corporation’ত থকা বীমাৰ জৰিয়তে বেংকে এই ধন গ্ৰাহকক ঘূৰাই দিব।