NORTHEAST NOW (Assamese)
অসম

কুৰানৰ কলংকিত কথা-বিষয়ক অসমীয়া গ্ৰন্থ নিষিদ্ধকৰণ, লেখকক গ্ৰেপ্তাৰ দাবী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 6, 2019 9:59 pm
Satya Ranjan Borah Book on Quran

সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাই বুধবাৰে “ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ” শীৰ্ষক অসমীয়া কিতাপ এখন নিষিদ্ধ কৰাৰ দাবী জনাইছে।

গ্ৰন্থখন নিষিদ্ধকৰণৰ লগতে লেখক সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিবলৈয়ো সংগঠনটোৱে দাবী জনাইছে।

“গ্ৰন্থখনত কোৰাণ আৰু মুছলমানক লৈ ভুল ব্যাখ্যা হৈছে,” সংগঠনটোৰ সভাপতি ওৱাদিদু জামানৰ মত।

কৰিমগঞ্জত বুধবাৰে সংগঠনটোৱে কিতাপখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ জনায়।

খবৰমতে, এ আই ইউ দি এফ মুৰব্বী বদৰুদ্দিন আজমলে গ্ৰন্থখন নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে।

গ্ৰন্থখনৰ লেখক বৰা বিজেপিৰ ৰাজ্যিক কিছান মৰ্চাৰ উপ-সভাপতি।