NORTHEAST NOW (Assamese)
অসম

অযোধ্যাৰ ৰায়ৰ পূৰ্বে ৰাজ্যখনৰ ডিজিপি আৰু মুখ্য সচিবক মাতি পঠিয়ালে ৰঞ্জন গগৈয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 8, 2019 11:38 am
remote-1140x570

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান অ’পি সিং আৰু মুখ্য সচিব ৰাজেন্দ্ৰ তিৱাৰীক মাতি পঠিয়াইছে।

ৰঞ্জন গগৈয়ে দুয়োগৰাকী বিষয়াৰে সৈতে আজি দিনৰ ভাগত মিলিত হ’ব।

অনুমান কৰা হৈছে যে অযোধ্যা গোচৰৰ সম্ভাৱ্য ৰায়ৰ পূৰ্বে প্ৰস্তুতি সন্দৰ্ভত জানিবৰ বাবেই এইদৰে বিষয়া দুগৰাকীৰ সৈতে মিলিত হ’ব।

অযোধ্যা গোচৰৰ ৰায় সন্দৰ্ভত যোগী চৰকাৰকে ধৰি সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থা হাই এলাৰ্ট কৰি ৰখা হৈছে।

মুখ্য মন্ত্ৰী যোগীয়ে ইতিমধ্যে বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে সুৰক্ষা ব্যৱস্থাৰ বুজ লয়।

আনহাতে, অযোধ্যৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহলৈয়ো বাৰ্তা প্ৰেৰণ কৰিছে। ৰাজ্যসমূহক ৰায়ৰ সন্দৰ্ভত এলাৰ্ট হৈ থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে বেইৰেলী অঞ্চলত ৬ হাজাৰতকৈয়ো অধিক এনে লোকক চিহ্নিত কৰিছে যিয়ে ৰায়ৰ পাছত উপদ্ৰব কৰিব পাৰে। আৰক্ষীয়ে এনে লোকসকলৰ ওপৰত চোকা নজৰ ৰাখিছে।

অযোধ্যা ৰায়ৰ পূৰ্বে আম্বেদকাৰ নগৰৰ বেলেগ বেলেগ কলেজত ৮খন অস্থায়ী জেইল নিৰ্মাণ কৰা হৈছে।

অযোধ্যা গোচৰৰ ৰায়ৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ সতৰ্ক হৈ পৰিছে। বুধবাৰে কেবিনেট বৈঠক মাতি প্ৰধান মন্ত্ৰী মোদীয়ে মন্ত্ৰীসকলক কোনো উচটনিমূলক বক্তব্য আগনবঢ়াবলৈ পৰামৰ্শ দিয়ে।