NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ উপভোক্তা সকলৰ মাজত বিশেষ সজাগতা সভা

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 9, 2019 7:38 am
awarneness meeting

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত শুকুৰবাৰে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ উপভোক্তা সকলৰ মাজত এখন সজাগতমূলক সভা অনুষ্ঠিত কৰা হয়।

বহু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু বেচৰকাৰী বেংকসমূহে ৰাজ্যৰ গাঁও অঞ্চলৰ মহিলা সকলক অধিক হাৰত সুদৰ বিনিময়ত ঋণ দি গ্ৰাম্য অৰ্থনীতি ভাঙি পেলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা উপকৃত হোৱা মহিলা সকলে লিডুৰ ঠাকুৰবাৰীত সজাগতা সভাখন অনুষ্ঠিত কৰা হয়।

অঞ্চলটোৰ সমাজসেৱিকা অনিতা দাস মহান্তিৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনত বন্ধন বেংকৰ বৰগোলাই শাখাৰ পৰিচালক বিদ্যুত চেতিয়া, মাৰ্ঘেৰিটা শাখাৰ পৰিচালক বসন্ত বৰা, ডিগবৈ শাখাৰ পৰিচালক জোনমণি বৰাৰ লগতে কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ শাখা পৰিচালক দ্বীপজ্যোতি চাংমাই, অভিষেক ফুকন, অভিজ্যিৎ বাঢ়ৈ আৰু বিপুল লোচন আদিয়ে অংশগ্ৰহণ কৰি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগ সন্দৰ্ভত ৰাইজক অৱগত কৰে।

সজাগতা সভাখনত অংশগ্ৰহণ কৰা বহু শতাধিক উপভোক্তাই ভাষণ প্ৰদান কৰি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে ঋণ লৈ স্বাৱলম্বী হোৱাৰ লগতে সংসাৰ পৰিচালনাত স্বামীক সহায় কৰিব পাৰিছে বুলি কয়।

আনহাতে, সজাগতা সভাত একাংশ মহিলাক কিছুমান সংগঠনে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচটোৱা কাৰ্য্যকো সমালোচনা কৰা হয়।

সজাগতা সভাখনৰ জৰিয়তে ৰাইজক ভুৱা বাতৰিত বিচলিত নহ’বলৈ আৰু যিকোনো লোকৰ প্ৰৰোচনাত পৰি ঋণাত্মক সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱা হয়।