NORTHEAST NOW (Assamese)
অসম

দক্ষিণ এছিয়া কাৰাটেত স্বৰ্ণ জয় অসম ৰাইফলছৰ ৱংছিকা টানৱাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2019 9:46 pm
Vanshika Tanwar

বাংলাদেশৰ ঢাকাত আজি সমাপ্ত হোৱা ৫ম দক্ষিণ এছিয়া কাৰাটে ডো প্ৰতিযোগিতাত অসম ৰাইফলছৰ ৱংছিকা টানৱাৰে (Vanshika Tanwar) স্বৰ্ণ পদক দখল কৰিছে।

অসম ৰাইফলছে আজি খেলুৱৈগৰাকীক এই কৃতিত্বৰ বাবে এটা টুইটযোগে অভিনন্দন জনায়।

ৱংছিকাই এই বছৰ দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

ৱংছিকাৰ পূৰ্বে মেঘালয়ৰ ৱানডাহুনছিচা মাওব্লেই প্ৰতিযোগিতাখনৰ কেডেট (১৪-১৫ বছৰ) বিভাগত ৫৪ কেজিৰ শাখাত স্বৰ্ণ জয় কৰিছিল।

আনহাতে ৮ নৱেম্বৰত অসমৰ ইশ্বিতা কাশ্যপে কেডেট শাখাত ৰূপৰ পদক জয় কৰি দেশ আৰু ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

কাশ্যপে এই বছৰৰ জুন মাহত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটেত স্বৰ্ণ পদক দখল কৰিছিল।

৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ চলা ৫ম দক্ষিণ এছিয়া কাৰাটে ডো প্ৰতিযোগিতাখনত বাংলাদেশৰ উপৰি ভাৰত, নেপাল, ভুটান, শ্ৰীলংকা আৰু পাকিস্তানে অংশগ্ৰহণ কৰিছিল।