NORTHEAST NOW (Assamese)
Popular Stories

অহা বছৰৰ পৰা কাগজৰ বটলত উপলব্ধ হ’ব বিশ্বৰ প্ৰসিদ্ধ Whiskey

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 9:06 am
অহা বছৰৰ পৰা কাগজৰ বটলত উপলব্ধ হ’ব বিশ্বৰ প্ৰসিদ্ধ Whiskey

বায়ুমণ্ডলৰ পৰা প্ৰদূষণৰ মাত্ৰা কম কৰাৰ মানসেৰে বিশ্বৰ এটা প্ৰসিদ্ধ স্কটছ হুইচকি ব্ৰেণ্ড অহা বছৰৰ পৰা কাগজৰ বটলত উপলব্ধ হ’ব।

এই হুইচকি বনোৱা কোম্পানিটোৱে কয় যে প্ৰদূষণ কমোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে ২০২১ চনৰ পৰা কাগজৰ বটলত মুকলি কৰিম।

ইয়াৰ উপৰি কোম্পানিৰ মতে কাগজৰ বটল সমূহ ৰিচাইকেল কৰিব পৰা যাব আৰু ইয়াক অতি কম খৰচতে বনাব পৰা যাব।

এই স্কটছ হুইচকিৰ নাম হৈছে জনি ৱাকাৰ (Johnnie Walker)। জনি ৱাকাৰ বনোৱা কোম্পানি ডিয়াজিয়োৱে এই কামটোৰ বাবে পাইলট লাইট নামৰ এটা কোম্পানিৰ সৈতে চুক্তি কৰিছে।

জনি ৱাকাৰৰ বাবে ডিয়াজিয়োক কোম্পানিক পাইলট লাইট কোম্পানিয়ে কাগজৰ বটল যোগান ধৰিব। এই বটল সমূহ সম্পূৰ্ণৰূপে ৰিচাইকেল কৰিব পৰা বিধৰ হ’ব।

উল্লেখ্য যে জনি ৱাকাৰ বনোৱা কোম্পানি ডিয়াজিয়োৱে নিজৰ উৎপাদিত সামগ্ৰীত ৫ শতাংশতকৈও কম প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে।

প্লাষ্টিকৰ ব্যৱহাৰ নোহোৱা কৰাৰ বাবেই ডিয়াজিয়োৱে য়ুনিলিভাৰ আৰু পেপছিকোৰ সৈতে মিলি এই আঁচনি তৈয়াৰ কৰিছে।