NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত ব্যৱহাৰ হোৱা ঔষধৰ ৬০ শতাংশ ভাৰতীয় : আই চি এম আৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 8:35 am

আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ হোৱা ৬০ শতাংশ ঔষধ ভাৰতীয় বুলি মঙলবাৰে মন্তব্য কৰে ভাৰতীয় চিকিৎসা বিজ্ঞান গৱেষণা সংস্থাৰ মুখ্য নিৰ্দেশক বলৰাম ভাৰ্গৱে।

”ভাৰতক বিশ্বৰ ফাৰ্মাচী হিচাপে গণ্য কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ হোৱা ৬০ শতাংশ ঔষধ ভাৰতীয় মূলৰ,” আই চি এম আৰৰ মুখ্য নিৰ্দেশক গৰাকীয়ে এইদৰে কয়।

আনহাতে, ভাৰ্গৱে আমেৰিকা আৰু য়ুৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হোৱা ঔষধৰ ৬০ শতাংশ ঔষধ ভাৰতীয় বুলিও লগতে কয়।

আনহাতে, আই চি এম আৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ভেকচিনৰ নিৰ্মাণৰ কাম খৰটকীয়া কৰিছে বুলি জানিবলৈ দিয়ে।

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে আই চি এম আৰে প্ৰস্তুত কৰি উলিয়াবলগীয়া ভেকচিনে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিব বুলি উল্লেখ কৰি ইয়াৰ মানৱ পৰীক্ষণ আৰম্ভ হৈছে বুলি কয়।

তদুপৰি, বলৰাম ভাৰ্গৱে ভেকচিন নোলোৱা পৰ্যন্ত জনসাধাৰণক সামাজিক দূৰত্ব, হাত ধোৱা আৰু মাস্ক পৰিধান কৰি থাকিবলৈ আহ্বান জনায়।