NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত গ্ৰেপ্তাৰ তিনিজন চোৰাং চিকাৰী, দুজন বেদখলকাৰী

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী November 10, 2019 9:34 pm
IMG-20191110-WA0020-750x375

৯ নৱেম্বৰ অৰ্থাৎ শনিবাৰে কোকৰাঝাৰ বন বিভাগে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত চলোৱা অভিযানত হুল্টুগাঁও ডিভিজনৰ অন্তৰ্গত চিৰাং সংৰক্ষিত বনাঞ্চলৰ পৰা তিনিজন চোৰাং চিকাৰী সহ অবৈধভাৱে গছ কটা দুজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কেইজনক ক্ৰমে কুদুছ টুডু, বিনোদ চোৰেন আৰু চক্ল হেমব্ৰুম আৰু বেদখলকাৰী দুজনক হাৰমা মাৰদি আৰু বিষ্ণু মাৰদি বুলি চিনাক্ত কৰা হৈছে।

এই সন্দৰ্ভত আঞ্চলিক বন বিষয়া ধীৰেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়, ‘বন বিভাগৰ এটা তহলকাৰী দলে চিৰাং বনাঞ্চলৰ ফালে যাওতে কেইজনমান লোকক গছ কাটি থকা দেখো’।

‘লগে লগে আমাৰ দলটোৱে দুজনক আটক কৰে যদিও দুজন পলাই যাবলৈ সক্ষম হয়’। বন বিষয়াজনে আমাক এই কথা জনায়।

বন বিষয়া বসুমতাৰীয়ে লগতে কয়, ‘পিছত আমি জংঘলৰ ভিতৰৰ পৰা তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰো’।

বন বিভাগৰ দলটোৱে আটক কৰা চিকাৰী কেইজনৰ পৰা চোকা অস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হয়।