NORTHEAST NOW (Assamese)
অসম

বন্যহস্তীৰ আক্ৰমণত উদমাৰিত নিহত এজন; ক্ষুব্ধ লোকে লণ্ডভণ্ড কৰিলে বন বিভাগৰ কাৰ্য্যালয়

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা November 11, 2019 10:06 am
VideoCapture_20191111

নগাঁও জিলাৰ চামগুৰিত ক্ৰমান্বয়ে অতিশয় ভয়াবহ হৈ পৰিছে হাতী মানুহৰ সংঘাত। কেতিয়াবা যদি বনৰীয়া হাতী মৰিছে মানুহৰ হাতত, কেতিয়াবা আকৌ মানুহেও প্ৰাণ হেৰুৱাব লগীয়া হৈছে বন্যহস্তী আক্ৰমণত।

দেওবাৰে নিশাও চামগুৰিৰ উদমাৰিত সংঘটিত হয় এনে এক শোকাবহ ঘটনা। খাদ্যৰ অভাৱত কাৰ্বি পাহাৰৰ পৰা নামি অহা হাতী জাকৰ মাজৰ এটা বন্যহস্তীৰ আক্ৰমণত এজন পঞ্চাশৰো উৰ্ধ্বৰ লোক নিহত হয়।

এই ঘটনাক কেন্দ্ৰ কৰি উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ত দেওবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত উদমাৰিৰ মতিলাল মুণ্ডা নামৰ লোকজন গুৰুতৰভাবে আহত হোৱাৰ পাছত ততাতৈয়াকৈ চামগুৰিৰ প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও পথতে লোকজনৰ মৃত্যু হয়।

ইয়াকে কেন্দ্ৰ কৰি বন বিভাগৰ বিৰুদ্ধে একাংশ স্থানীয় উত্তেজিত লোকে চূড়ান্ত ক্ষোভ উজাৰে।

VideoCapture_20191111-012908
উত্তেজিত লোকে উদমাৰিৰ বন বিভাগৰ কাৰ্যালয়ৰ আচবাব লণ্ডভণ্ড কৰে। ফটো: নৰ্থইষ্ট নাও

উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্য্যালয়টোৰ আচবাব ক্ষুব্ধ লোকসকলে ভাঙি সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড কৰি পেলায়।

ইয়াৰ পিছতেই কাৰ্যালয়টোৰ গেটৰ সন্মুখত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি স্থানীয় ৰাইজে বহু সময় ধৰি সৃষ্টি কৰে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।

উল্লেখ্য যে, নিশা পথাৰত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকটো খেদিবলৈ যাওঁতেই বয়সীয়া মতিলাল মুণ্ডা নামৰ লোকজনক বন্যহস্তীয়ে আক্ৰমণ কৰিছিল।

ইপিনে বিধ্বস্ত উদমাৰি উপ খণ্ড বন বিষয়া কাৰ্যালয়ত নিশাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সহ অৰ্ধসামৰিক বাহিনীৰ একাধিক জোৱান উপস্থিত হোৱাত পৰিস্থিতি কিছু পৰিমাণে শাম কাটে যদিও পুৱা পৰ্যন্ত বৃহত্তৰ উদমাৰি অঞ্চলত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।