NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবৰ সাতগৰাকী উদ্যমীক সন্মানিত কৰা হ’ল ৰাষ্ট্ৰীয় উদ্যমিতা পুৰস্কাৰেৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2019 2:24 pm
253-3-702x336

কেন্দ্ৰীয় কৌশল আৰু বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে উত্তৰ-পূবৰ সাতগৰাকী যুৱ উদ্যমীক ৰাষ্ট্ৰীয় উদ্যমিতা পুৰস্কাৰ, ২০১৯ ৰে সন্মানিত কৰিছে।

৯ নৱেম্বৰ অৰ্থাৎ শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত বিভিন্ন শাখাৰ ৩৬ টা ৰাষ্ট্ৰীয় পুৰস্কাৰৰ ভিতৰত উত্তৰ-পূব আৰু ছিকিমৰ সাতগৰাকী যুৱ উদ্যমীক এই সন্মান প্ৰদান কৰা হয়।

সন্মানিত যুৱ উদ্যমী কেইগৰাকী হ’ল- শ্বিলঙৰ ডাকটি ক্ৰাফটৰ প্ৰতিষ্ঠাপক ৰিডা গটফোহ, শ্বিলং বেম্বোৰ প্ৰতিষ্ঠাপক বনদাবিয়েং ডেৱখৈড, ইম্ফলৰ গ্ৰীণ বায়’টেক চল্যুশ্বনৰ প্ৰতিষ্ঠাপক গীতাশোৰী য়ুমনাম, জে এছ এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক থ’কটোম ৰীণা লুৱাং।

ইয়াৰ উপৰি আছে বঙাইগাঁৱৰ অভয়াপুৰীৰ এ এন স্পাইচ ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাপক এলেমুন নেছা, ডিমাপুৰৰ টোকা মাল্টিপাৰ্পাজ কো-অপাৰেটিভ ছ’চাইটিৰ প্ৰতিষ্ঠাপক কোচিচো চিচি আৰু ইম্ফলৰ আই চি এ আৰৰ বিজ্ঞানী ড০ শুভ্ৰ চৈকত ৰয়।

এই সন্মানৰ সৈতে আছে নগদ পাঁচ লাখ টকা, এখন প্ৰমাণপত্ৰ আৰু এটা স্মাৰক।

ৰাষ্ট্ৰ নিৰ্মাণত যোগোৱা উল্লেখনীয় অৰিহণাৰ বাবে তেওঁলোকক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানটি নতুন দিল্লীস্থ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত অনুষ্ঠিত হয়।

মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে, এম এছ ডি ইৰ যুটীয়া সচিব জ্যোৎস্না ছিটলিঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই পুৰস্কাৰসমূহ প্ৰদান কৰা হয়।