NORTHEAST NOW (Assamese)
অসম

১৬টা মৃতদেহ উদ্ধাৰ, বাংলাদেশত ভয়ংকৰ ট্ৰেইন ট্ৰাজিদি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2019 8:14 pm
16 killed, 58 injured in Bangladesh train accident

কমেও ১৬ গৰাকী লোকে মঙলবাৰে বাংলাদেশৰ ব্ৰাহ্মনবাৰিয়া জিলাত সংঘটিত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।

পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত দুখন ৰে’লৰ মুখামুখি সংঘৰ্ষৰ ঘটনাটোত আহতৰ সংখ্যা অৰ্ধশতাধিক।

জানিব পৰামতে, শুই থকা অৱস্থাতে বহুকেইগৰাকী লোক সংঘৰ্ষটোত পিষ্ট হৈছে।

নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আহতৰ মাজত গুৰুতৰভাৱে আঘাত পোৱা বহুসংখ্যক লোকো আছে।

আহতসকলক ব্ৰাহ্মনবাৰিয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, কাচবা অঞ্চলৰ প্ৰশাসনিক মুৰব্বী মাচুদু আলমে জনায়।

দুৰ্ভাগ্যজনকভাৱে, ঢাকা আৰু চিতাগং-গামী দুয়োখন ৰে’ল একেটা ত্ৰেকতে চলি আছিল।

খবৰমতে, মুখামুখি সংঘৰ্ষটোৰ সময়ত বেছিভাগ যাত্ৰীয়েই নিদ্ৰাৰত অৱস্থাত আছিল।

“ঢাকাগামী তুৰ্না নিশিতা ৰে’লখনে চিতাগংগামী উদয়ন এক্সপ্ৰেছত মুখামুখিকৈ খুন্দা মাৰিছে। চাৰি-পাঁচটামান দবা ক্ষতিগ্ৰস্ত হৈছে,” ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ ভাষ্যত প্ৰকাশ।

ৰে’ল কৰ্তৃপক্ষই একেটা পথতে দুখন ৰে’ল কেনেকৈ চলিবলৈ পালে তাৰ তদন্তৰ নিৰ্দেশ দিছে।