NORTHEAST NOW (Assamese)
অসম

তেজপুৰৰ পৰা নিৰুদ্দেশ হোৱা মহিলা আৰু শিশু উদ্ধাৰ হ’ল গুজৰাটত

Posted by: প্ৰণৱ কুমাৰ দাস February 6, 2018 12:55 pm
Missing-mother-son-

অসমৰ তেজপুৰৰ এগৰাকী মহিলা আৰু তেওঁৰ আঠবছৰীয়া শিশু সন্তান আজিৰ পৰা প্ৰায় ২৪ দিন আগতে নাটকীয়ভাবে তেজপুৰৰ পৰা নিৰুদ্দেশ হৈছিল। নিৰুদ্দেশ সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে অনুসন্ধান চলায় মহিলাগৰাকী আৰু শিশুটোক সোমবাৰে গুজৰাটৰ গান্ধীধামৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি মঙলবাবে তেজপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে তেজপুৰৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত কুমাৰগাঁৱৰ নিবাসী মুকুট বৰুৱাৰ পত্নী কবিতা বৰুৱা(২৫) আৰু তেওঁৰ পুত্ৰ কৃকাংশু বৰুৱাই যোৱা ১২ জানুৱাৰিৰ দিনাই তেজপুৰৰ পৰা হঠাৎ অন্তৰ্ধান হৈছিল। জানিব পৰা মতে কবিতা বৰুৱাই সেইদিনা পুত্ৰৰ লগত তেজপুৰস্থিত গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল আৰু তেতিয়াই হঠাৎ অন্তৰ্ধান হৈছিল।

পৰিয়ালৰ লোকে নিৰুদ্দেশৰ কথা গম পাই বিচাৰিছিল যদিও কোনো শু-সূত্ৰ উলিয়াব নোৱাৰাত মুকুট বৰুৱাই লালমাটি আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ ৰুজু কৰে।

লালমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম শৰ্মাই আমাক জানিবলৈ দিয়ে যে নিৰুদ্দেশ হোৱা মহিলা আৰু শিশুজনক উদ্ধাৰৰ বাবে আমি মহিলাগৰাকীৰ মোবাইলটো ট্ৰেক কৰিছিলো আৰু তেতিয়াই আমি আশ্বস্ত হ’লো যে তেওঁলোক গুজৰাটৰ গান্ধীধামত আছে। সেই তথ্যৰ ভিত্তিতে তেজপুৰৰ এটা আৰক্ষীৰ দলে গুজৰাটলৈ ৰাওনা হয় আৰু তাত গুজৰাট আৰক্ষীৰ সহায়ত গান্ধীধাম আৰক্ষী থানাৰ অন্তৰ্গত যশৱান্ত কুমাৰ শংকৰৰ বাসগৃহৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।

ইয়াৰ উপৰি শৰ্মাই কয় যে আৰক্ষীয়ে যশৱন্তকো গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান তিনিওজনকে আৰক্ষীৰ দলটোৰ তত্বাৱধানত তেজপুৰলৈ আনি থকা হৈছে। তেওঁলোক তিনিদিনৰ পিছত তেজপুৰ আহি পাব বুলিও জনায়।

আনহাতে ঘটনাৰ আঁৰত কিবা ৰহস্য জড়িত হৈ আছে নেকি সেয়া তদন্তত স্পষ্ট হ’ব বুলি জনায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম শৰ্মাই।