NORTHEAST NOW (Assamese)
অসম

মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাক আলোচনালৈ মাতি পলায়ন শিক্ষা মন্ত্ৰীৰ!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 13, 2019 1:46 pm
Midday meal workers

মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ সৈতে আলোচনাত বহিবলৈ সন্মত হৈ ৰান্ধনী সন্থাক আজি আলোচনালৈ মাতিও উপস্থিত নাথাকিল শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।

১২ নৱেম্বৰত শিক্ষা বিভাগৰ এগৰাকী বিষয়াৰ হতুৱাই শিক্ষা মন্ত্ৰীয়ে লিখিত প্ৰতিশ্ৰুতি দি আজি আলোচনাৰ বাবে মাতিছিল সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী-সহায়িকা সন্থাক।

কিন্তু আজি পূৰ্ব নিৰ্ধাৰিত সময়ত আৰু স্থান জনতা ভৱনৰ “ই ব্লক”ত ৰান্ধনী সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হোৱা সত্ত্বেও শিক্ষা মন্ত্ৰী তালৈ নগ’ল। ফলত শিক্ষা মন্ত্ৰীৰ পৰিৱৰ্তে শিক্ষা আয়ুক্ত প্ৰীতম শইকীয়াৰ সৈতে আলোচনাত বহিবলৈ বাধ্য হয় ৰান্ধনী সন্থা।

কিন্তু ৰান্ধনী সন্থাৰ বিষয়ববীয়াসকলে এই আলোচনাক “বিফল” আৰু “অসন্মানজনক” আখ্যা দিয়াৰ লগতে তেওঁলোকক প্ৰাপ্য সন্মান আৰু গুৰুত্ব নিদিয়াৰ অভিযোগ আনে।

“শিক্ষা মন্ত্ৰীয়ে আলোচনালৈ মাতি আজি পলাই ফুৰিছে। তেওঁ এন জি অ’ৰ হাতত বিক্ৰী হৈছে, সেয়ে আজি পলায়ন কৰিছে। সেয়েহে তেওঁৰ এন জি অ’ক দিয়া ঠিকা বাতিল কৰিম বুলি সাহস নাই লিখিত প্ৰতিশ্ৰুতি দিবলৈ। প্ৰীতম শইকীয়াৰ সৈতে যিখন বৈঠক অনুষ্ঠিত হ’ল সেই বৈঠকৰ কোনো সন্মান নাই। বাহিৰা মানুহো আলোচনা গৃহত ওলোৱা-সোমোৱা কৰি আছিল। আমাৰ লগত অলপ আলোচনা কৰি আকৌ বেলেগ এটা কথাত বিষয়াসকল ব্যস্ত হৈ পৰে।” সংবাদ মাধ্যমক সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে কয়।

তেওঁ লগতে কয়, “আলোচনাত শিক্ষা আয়ুক্ত প্ৰীতম শইকীয়াই ৰান্ধনীসকলৰ দৰমহাটো দৰমহা হিচাপেই থাকিব বুলি কৈছে। কিন্তু মুখৰেহে কৈছে, লিখিত প্ৰতিশ্ৰুতি দিবলৈ সাহস নকৰিলে। এন জি অ’ৰ বিষয়ত তেওঁ একো নাজানো বুলি ক’লে।”

তাৎপৰ্য্যপূৰ্ণভাৱে, আলোচনা গৃহত সংবাদ মাধ্যমৰো প্ৰৱেশ নিষিদ্ধ কৰি অগণতান্ত্ৰিক আচৰণ কৰে শিক্ষা বিভাগে। তাক লৈয়ো ক্ষোভ প্ৰকাশ ৰান্ধনী সন্থাৰ।

আনহাতে, আজিৰ আলোচনা বিফল হোৱাৰ পাছতে পুনৰ আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰিছে ৰান্ধনী সন্থাই। তেওঁলোকে জনতা ভৱন ঘেৰাও কৰি আমৰণ অনশন কৰাৰ হুংকাৰ দিছে।

তেওঁ মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক সকীয়নি দি কয়, “শিক্ষা মন্ত্ৰী মহোদয়, আমি অতি সোনকালে জনতা ভৱন ঘেৰাও কৰিম। ৰে’লপথ অৱৰোধ কৰিম। তাৰ বাবে জগৰীয়া হ’ব শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰী নিজেই”।

মধ্যাহ্ন ভোজনৰ কাম ৰাজ্যৰ ১ লাখৰো অধিক ৰান্ধনী আৰু সহায়িকাৰ হাতৰ পৰা নি চৰকাৰে ১ নৱেম্বৰৰ পৰা কিছুমান এন জি অ’ক ঠিকাত দিছিল। কিন্তু ইয়াক লৈ বিভিন্ন ঠাইত প্ৰতিবাদৰ লগতে এন জি অ’বোৰে অনুপযুক্ত, অখাদ্য, অস্বাস্থ্যসন্মত খাদ্য দিয়াৰ অভিযোগ উঠাত মুখ্য মন্ত্ৰীয়ে ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

লগতে ৰান্ধনীসকলক পূৰ্বৰ দৰেই কাম কৰি যাবলৈও নিৰ্দেশ দিছিল। এই দুয়োটা নিৰ্দেশ আছিল ৯ নৱেম্বৰৰ।

ইয়াৰ পিছতে ১২ নৱেম্বৰত প্ৰতিবাদ কৰা মধ্যাহ্ন ভোজন কৰ্মীসকলে শিক্ষা মন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰিছিল।

উল্লেখ কৰিব পাৰি যে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই পূৰ্বেও সংবাদ মেল আহ্বান কৰিও উপস্থিত নথকাৰ নজিৰ আছে।