NORTHEAST NOW (Assamese)
Popular Stories

সামান্য ভুলৰ বাবে আধাৰ কাৰ্ডধাৰীয়ে ভৰিব লাগিব পাৰে ১০,০০০ টকাৰ জৰিমনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2019 2:17 pm
aadhaar-card_1

এতিয়াৰ পৰা আধাৰ কাৰ্ড থকা ব্যক্তি সকলে পাৰমানেণ্ট একাউণ্ট নম্বৰ চমুকৈ PANৰ বিপৰীতে আধাৰ কাৰ্ডত থকা ১২ টা সংখ্যাৰ বায়’মেট্ৰিক আই ডি নম্বৰটো ব্যৱহাৰ কৰিব পাৰিব। আয়কৰ বিভাগৰ তৰফৰ পৰা এই কথা জানিবলৈ দিছে।

IT Income Tax Act 1961ৰ নতুন সংশোধনী অনুসৰি, যদি IT returnত কোনো কৰদাতাই ভুল আধাৰ নম্বৰ সংযোগ কৰে তেন্তে সেই লোকজনক ১০,০০০ টকাৰ জৰিমনা বিহা হ’ব।

উল্লেখ্য যে, এই নতুন নিয়ম তেতিয়াহে প্ৰযোজ্য হ’ব যেতিয়া কোনো কৰদাতাই PANৰ বিপৰীতে আধাৰ নম্বৰ ব্যৱহাৰ কৰে।

নতুন বেংক একাউণ্ট, ডিমেট একাউণ্ট খোলাৰ সময়ত, IT return পূৰ কৰাৰ সময়ত আৰু মিউচুয়েল ফাণ্ডছ কিনাৰ সময়ত এই নতুন সংশোধনী প্ৰযোজ্য হ’ব।

ইফালে ১০ হাজাৰ টকাৰ জৰিমনাৰ ব্যৱস্থাটো IT Income Tax Act 1961ৰ 272B ধাৰাৰ আওতাত অনা হৈছে।

আনহাতে যদি কোনো কৰদাতাই দুখন ফৰ্মত নিজৰ আধাৰ নম্বৰটো ভুলকৈ লিখে তেন্তে তাৰ বাবে তেওঁ ২০ হাজাৰ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব পাৰে।

ইয়াৰ উপৰি যদি কোনোবাই নিৰ্দিষ্ট লেনদেনৰ সময়ত PAN আৰু আধাৰৰ কোনো এটা নম্বৰেই দিবলৈ সক্ষম নহয় তেন্তে সেই ব্যক্তিজনৰ ক্ষেত্ৰতো জৰিমনা বিহাৰ ব্যৱস্থা আছে।