NORTHEAST NOW (Assamese)
অসম

ৰাজস্থানৰ ১৩ বছৰীয়া ছোৱালী, বেচিছিল দেউতাকে; উদ্ধাৰ হায়দৰাবাদত, ৪ মাহৰ গৰ্ভৱতী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2019 7:33 pm
Assam woman stripped naked in Delhi PS; beaten in private parts

হায়দৰাবাদ আৰক্ষীয়ে সোমবাৰে উদ্ধাৰ কৰা এগৰাকী ১৩ বছৰীয়া ছোৱালীৰ কাহিনীয়ে ভাৰতত চলিত দাৰিদ্ৰ্য, কন্যা-প্ৰতিকূল মূল্যবোধ আৰু মানৱ সৰবৰাহজনিত ভয়ানক ছবি উদঙাই দিছে।

খবৰমতে, হায়দৰাবাদত উদ্ধাৰ হোৱা ৰাজস্থানৰ ছোৱালীজনী এতিয়া ৪ মাহৰ গৰ্ভৱতী। ৭ লাখ টকাত তেওঁক বিক্ৰী কৰিছিল দেউতাকে।

ছোৱালীজনী উদ্ধাৰৰ অভিযানটোৱে ভাৰতৰ মানৱ সৰবৰাহ চক্ৰৰ জালখনৰ জটিলতাও উদঙাই দিছে।

বিষয়টোক লৈ ৰাজস্থানৰ বাৰ্মাৰ জিলাত আৰক্ষীক এজাহাৰ দিয়া হৈছিল যোৱা জুনত। ছোৱালীজনীৰ দেউতাকক গ্ৰেপ্তাৰ কৰা হৈছিল জুলাইত।

সম্ভ্ৰান্ত পৰিয়ালত বিয়া দি কন্যাদায় সাৰিবৰ বাবে দেউতাকে ছোৱালীজনীক এজন দালালক বিক্ৰী কৰি দিছিল।

ছোৱালীজনীৰ খুৰাকে যোৱা ৩০ জুনত ৰাজস্থানৰ বাৰ্মাৰ জিলাত আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত এই তথ্য উল্লেখ কৰিছে।

ছোৱালীজনীক ১৫ নৱেম্বৰত আদালতত আৰক্ষীয়ে হাজিৰ কৰোৱাব। তেওঁক এতিয়া মাকৰ জিম্মাত দিয়া হৈছে আৰু দেউতাকক গ্ৰেপ্তাৰ কৰা হৈছে।

দেউতাকৰ লগতে গোপা ৰাম মালি আৰু চানৱালা ৰাম দাচপা (ছোৱালীজনীক কিনোতা) নামৰ দুজনকো গ্ৰেপ্তাৰ কৰা হৈছে।

খুৰাকে এজাহাৰত উল্লেখ কৰামতে, বিয়াৰ সম্বন্ধ ঠিক কৰিবলৈ যোৱা বুলি কৈ ছোৱালীজনীক দেউতাকে এঠাইলৈ লগত লৈ গৈছিল।

কিন্তু পিছত তেওঁ অকলে ঘূৰি আহে আৰু ছোৱালীজনীক মোমায়েকৰ ঘৰত থৈ অহা বুলি ওচৰ চুবুৰীয়াক জনায়।

কিন্তু পিছত ছোৱালীজনী মোমায়েকৰ ঘৰত নথকাৰ কথাটো পোহৰলৈ আহে।