NORTHEAST NOW (Assamese)
অটো

Honda ই মুকলি কৰিলে BS-6 মানদণ্ডৰ বাইক; চাওক ইয়াৰ দাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2019 8:52 pm
honda_bike_file_photo_google__1573732034

হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া(Honda Motorcycle and Scooter India) ই BS-6 মানদণ্ডৰ মটৰচাইকেল এএছপি 125 মুকলি কৰিছে।

দিল্লীত ইয়াৰ মূল্য ৭২,৯০০টকা (এক্স শ্ব’ৰুম) হ’ব। নতুন মটচাইকেল কোম্পানীটোৰ 125 চিচি মডেলৰ ছিবি শ্বাইন এএছপিৰ স্থান ল’ব।

অৱশ্যে দুচকীয়া বাহন নিৰ্মাতা জাপানৰ কোম্পানীটোৱে বিএছ চাৰি মানদণ্ডৰ চিবি শ্বাইন বিক্ৰী অব্যাহত ৰাখিব।

এইচএমএছআইৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক মিনৰো কাতোই কয় যে নতুন মডেল 125 চিচি মটৰচাইকেলৰ ক্ষেত্ৰত প্ৰযুক্তি, ষ্টাইল আৰু প্ৰদৰ্শনৰ দৌৰত বহু আগত আছে।

নতুন মডেল বৰ্তমানৰ মডেলৰ তুলনাত প্ৰায় ১১ শতাংশ মহঙা হ’ব। কিন্তু ইন্ধন দক্ষতাৰ ফালৰ পৰা ই ১৬ শতাংশ উন্নত।

এইচএমএছআইৰ জ্যেষ্ঠ উপাধ্যক্ষ (বিক্ৰী তথা বিপণন) যদবিন্দৰ সিং গুলেৰিয়াই কয় যে কোম্পানীটোৰ 12 চিচিৰ বাইকৰ শ্ৰেণীত বজাৰত অংশীদাৰিত্ব হৈছে ৩৯ শতাংশ।

তেওঁ কয় যে কোম্পানীয়ে 125 চিচিৰ ৮০ লাখ মটৰচাইকেল বিক্ৰী কৰিছে। গুলেৰিয়াই জানিবলৈ দিয়ে যে এএছপি 125ৰ উৎপাদন আৰম্ভ হৈছে আৰু মডেল চলিত মাহৰ অন্তিম ভাগত ডীলাৰৰ ওচৰ পাবগৈ।