NORTHEAST NOW (Assamese)
অসম

“কেব”খনে NRC-ৰ পৰা নাম বাদ পৰা ৪-৫ লাখ লোকৰ সমস্যা দূৰ কৰিব : হিমন্ত বিশ্ব

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 15, 2019 6:44 pm
himanta-biswa-sarma

“কেব” অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কে এন আৰ চিৰ পৰা নাম বাদ পৰা অসমৰ ৪-৫ লাখ লোকৰ সমস্যা দূৰ কৰিব আৰু তাৰে দুই লাখ বৰাক ভেলীৰ, এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ “কেব”খন নতুন ৰূপত আহিব আৰু ইয়াত উত্তৰ-পূবৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে প্ৰয়াস থাকিব বুলিও জানিবলৈ দিয়ে।

আজি গুৱাহাটী আৰু নলবাৰীত দুটা অনুষ্ঠানত মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় চৰকাৰে আনিব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বক্তব্য দাঙি ধৰে।

“পুৰণা “কেব”খন নাহে বুলি মই নিশ্চিত। নতুন “কেব”ৰ খচৰা প্ৰস্তুতৰ বাবে আলাপ-আলোচনা চলি আছে। খচৰাখন বনাইছে নে নাই তাত মোৰ সন্দেহ আছে”, হিমন্তৰ মন্তব্য।

তেওঁ লগতে কয়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো সংসদ আৰু ভাৰত চৰকাৰৰ বিষয়। “কেব”খন কি ৰূপত আছে কোনেও দেখা নাই।

““কেব”খন আহিব বুলি অমিত শ্বাহে ঘোষণা কৰি গৈছে, আহিব বুলি আমিও জানো। “কেব”ৰ নতুন খচৰাক লৈ তেওঁ উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলৰ লগত, বিভিন্ন দল-সংগঠনৰ লগত তেওঁ কথা পাতিছে।” মন্ত্ৰীজনৰ মন্তব্য।

“কেব”ৰ ড্ৰাফটো নিশ্চিতভাৱে সলনি হ’ব বুলি অমিত শ্বাহে কৈ গৈছে। উত্তৰ-পূবৰ ইনাৰ লাইন পাৰ্মিট, ষষ্ঠ অনুসূচীৰ ওপৰত তেওঁ বিস্তৃত আলোচনা চলাইছে। তেওঁ নিজে মিজোৰামলৈ সোঁশৰীৰে গৈছে। উত্তৰ-পূবৰ বিভিন্ন সংগঠনৰ সৈতে ইতিমধ্যে কথা পাতিছে আৰু অহা ১৫ দিনত বিভিন্ন দল-সংগঠনৰ সৈতে কথা পাতিব বুলি মোৰ বিশ্বাস আছে”, হিমন্তৰ ভাষ্য।

“কেব”ৰ বিৰোধিতাক স্বীকাৰ কৰি কয়, “বিৰোধিতা কৰাসকলে বিৰোধিতা কৰিবই। যি সমৰ্থন কৰে তেওঁলোকে সমৰ্থন কৰিব।”

তেওঁ বিধেয়কখনৰ প্ৰতি ৰাইজৰ সমৰ্থন আছে বুলি পৰোক্ষভাৱে ইংগিত কৰি কয়, “কেব”ক লৈ প্ৰতিক্ৰিয়া হৈছিল আৰু ভাৰতীয় জনতা পাৰ্টী নিৰ্বাচনতো জিকিল। এতিয়া নিৰ্বাচনত জিকাৰ হিচাপত ল’ম নে প্ৰতিক্ৰিয়া হিচাপত ল’ম সেই বিষয়েতো নাজানো।”

তেওঁ “কেব”-বিৰোধীসকলৰ দ্বিমত আৰু প্ৰতিবাদক স্বীকাৰ কৰি কয়, “সকলোৰে নিজৰ নিজৰ বক্তব্য থাকিব, গণতন্ত্ৰত সকলোৱে নিজৰ বক্তব্য দিব, তাত বেয়া পাব লগীয়া একো নাই। প্ৰতিবাদো নিশ্চিতভাৱে থাকিব, কিয়নো আমি ১০০ শতাংশ ভোট পোৱা নাই। প্ৰতিবাদ গণতন্ত্ৰৰ একো একোটা বিভূষণ তাক আমি সন্মান কৰিব লাগে।”