NORTHEAST NOW (Assamese)
অসম

টঙি ঘৰত দুগৰাকী কিশোৰীক ধৰ্ষণ; এজন ৬০ বছৰীয়া লোকক গ্ৰেপ্তাৰ, এজন পলাতক

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 15, 2019 8:14 pm
Screenshot_20191115_175827

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ১ নং ফানেং গাঁৱত বৃহস্পতিবাৰে নিশা দুগৰাকী কিশোৰীক ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, একে গাঁৱৰে সোণ ফুকন (৬০) আৰু লাক্ষীৰাম মুৰা (১৮) নামৰ দুজন লোকে কিশোৰী দুগৰাকীক নিজৰ বায়েকৰ ঘৰলৈ থব গৈছিল। গৈ থকা ৰাস্তাটোত হাতী ওলোৱা বুলি কৈ কিশোৰী দুগৰাকীক অন্য এটা পথেৰে লৈ গৈ এটা টঙি ঘৰত লম্পট দুজনে ধৰ্ষণকাৰ্য সংঘটিত কৰে।

এই জঘন্য ঘটনাৰ সবিশেষ পোহৰলৈ অহাত আৰক্ষীয়ে ততাতয়াকৈ অভিযান চলাই সোণ ফুকনক গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকাৰ লগতে পলাতক অৱস্থাত থকা লাক্ষীৰাম মুৰাৰ সন্ধান অব্যাহত ৰাখিছে।

জানিব পৰা মতে ধৰ্ষিতা কিশোৰী দুগৰাকী সম্বন্ধত বায়েক-ভনীয়েক।

ইফালে এই ঘটনাটৱে সমগ্ৰ জাগুন অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে।