NORTHEAST NOW (Assamese)
অসম

কবৰ শয়নে আনে মানসিক প্ৰশান্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2019 8:54 pm
Momento mori: Dutch university Radboud's grave way to peace

নেদাৰলেণ্ডছৰ ৰেদবাউদ বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ মানসিক শান্তিৰ বাবে লৈছে এক নাভূত-নাশ্ৰুত ব্যৱস্থা: কবৰত শয়ন।

নিজবেগেন চহৰস্থিত “পৰম্পৰাগত” দাচ্চ বিশ্ববিদ্যালয়খনে এই উদ্দেশ্যে কবৰ (grave) খান্দি উলিয়াইছে।

কবৰটো ৩০ মিনিটৰ পৰা ৩ ঘণ্টালৈকে সময়ৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ভাৰাত দিয়া হয়।

কবৰ শয়নৰ সময়ত ছাত্ৰ-ছাত্ৰীক ধ্যানমগ্ন হৈ থাকিবলৈ কোৱা হয়। গাঁতটোৰ কাষত লিখা থাকে: Stay Weird (অদ্ভূত হৈ থাকক)।

কবৰ শয়নৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক কিতাপ, ম’বাইল বা লেপটপ ইত্যাদি একো বস্তু নিবলৈ দিয়া নহয়।

কেৱল তলত পাৰিবলৈ এখন যোগ মেট্ৰেছ বা ঠাণ্ডা গুচাবলৈ এখন কম্বলৰহে অনুমতি দিয়া হয়।

আৰু কবৰ যি কবৰ! তাৰ উদ্দেশ্যও মানুহক মৃত্যুৰ অনুভৱেৰে মুখামুখি কৰোৱাই জীৱনৰ অৰ্থ আৱিষ্কাৰ কৰোৱাৰ দিহা।

এই প্ৰকল্পৰ নাম দিয়া হৈছে “Memento Mori”। অৰ্থ (লেতিন ভাষাত—তুমি এদিন মৰিবা)।

প্ৰকল্পটোৰ উদ্যোগ লৈছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী চেপেলৰ ষ্টাফ মেম্বাৰ জন হেকিঙে।

তেওঁৰমতে, কবৰ শয়নৰ উদ্দেশ্য শান্তিৰে মৰাৰ বাবে প্ৰস্তুত কৰোৱা আৰু পৃথিৱীত খৰচ কৰা সময়খিনি আৰু জীৱনৰ মূল্য উপলব্ধিত সহায় কৰা।

“জীৱনৰ সমাপ্তি, মৃত্যু, এক নিষিদ্ধ বস্তু, ছাত্ৰ-ছাত্ৰীৰ বাবে কঠিন…মৃত্যু পাতিবলৈ খুব টান এক বিষয়, বিশেষকৈ আপুনি যদি ১৮, ১৯, ২০ বছৰীয়া,” হেকিঙে কয়।

বহুতে ইয়াক প্ৰাচীন গ্ৰীক দৰ্শন স্ত’ইচিজমৰ প্ৰেৰণাত হোৱা বুলি মন্তব্য কৰিছে। হিন্দু ধৰ্মৰ কিছু ঠালত আৰু বিশেষকৈ বৌদ্ধ আৰু জে’ন ধৰ্মতো কঠোৰ জীৱন যাপন আৰু বেদনাৰ প্ৰতি নিস্পৃ্হতাৰ দিহা আছে।

অসমৰ নিজা শংকৰদেৱ প্ৰৱৰ্তিত বৈষ্ণৱ পন্থাতো এক ঈশ্বৰত “মুক্তিতো নিস্পৃ্হ” সমৰ্পনকহে ভক্তি বোলা হৈছে আৰু তাৰ পোষকতা কৰা হৈছে।

আইদিয়াটো কেনে? বৰ হাঁহি উৰুৱাই দিবলগীয়া নহয় নেকি? আপুনি কি ভাবে?