NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ উদমাৰীত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৪ তম্ জয়ন্তী উদযাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2019 6:51 am
WhatsApp Image 2019-11-15 at 6.51.41 PM

ৰাজ্যখনৰ বিভিন্ন অঞ্চলত আদিবাসী তথা চাহ জনগোষ্ঠী লোক সকলে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৪ তম্ জয়ন্তী উদযাপন কৰাৰ সময়তে অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ উদ্যোগতো শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে বীৰ শ্বহীদগৰাকীক স্মৰণ কৰা হয়।

চামগুৰি সমষ্টিৰ উদমাৰী চাহ বাগিছাৰ নামঘৰ প্ৰাঙ্গনত স্থানীয় ৰাইজ আৰু উদমাৰী আঞ্চলিক সমিতিৰ সহযোগত দিৱসটি উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা প্ৰায় আঠ বজাত পতাকা উত্তোলন কৰে অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ সভাপতি ৰটে মুণ্ডাই।

ইয়াৰ পাছতে ৰাষ্ট্ৰীয় শ্বহীদ  বীৰ বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্বহীদ তৰ্পণ কৰে অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ সম্পাদক ৰাজেন মুণ্ডা আৰু সম্পাদিকা ৰেণু হ’ৰৱে।

দিনৰ প্ৰায় দহ বজাত নামঘৰ প্ৰাঙ্গনত বৃক্ষৰোপন কৰে উদমাৰী খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নৱজ্যোতি বৰা আৰু  বন বিষয়া বুধেশ্বৰ দাসে।

তাৰ পাছতে আদিবাসী সাজপাৰেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে উদমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আদিত্য বৰদলৈ আৰু সাংবাদিক বিদ্যুত জ্যোতি বৰায়ে।

বিয়লি প্ৰায় দুই বজাত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ উপ সভাপতি এতোৱা ধানোৱাৰে।

পৰবতী সময়ত সন্ধ্যা প্ৰায় পাঁচ মান বজাত শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সমিতিৰ সভানেত্ৰী চম্পা হাচায়ে। নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ইপিনে, শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে চামগুৰি সমষ্টিৰ আমলখি চাহ বাগিছাৰ নামঘৰ প্ৰাঙ্গনতো বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৪ তম্ জয়ন্তী অনুষ্ঠিত হোৱাৰ লগতে দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ নাগৰিক তথা অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ উপদেষ্টা লৱকান্ত দেউৰীয়ে।