NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত স্ক’ৰপিঅ’ই মহটিয়াই নিলে পথচাৰীক; থিতাতে নিহত দুজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2019 8:31 am

বিশ্বনাথ জিলাৰ বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিহুপুখুৰীত কালি অৰ্থাৎ দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

নিহত লোক দুজনক মোনাবাৰীৰ দীপক মুণ্ডা (৩০) আৰু নিউ লাইনৰ হোপনেছ সিং (৩৫) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে কালি নিশা প্ৰায় ৯ বজাত বিশ্বনাথৰ ফালৰ পৰা অৰুণাচল অভিমুখে গৈ থকা এখন স্ক’ৰপিঅ’ই বেলেগ গাড়ী অভাৰটেক কৰিবলৈ গৈ উক্ত পথচাৰী দুজনক মহটিয়াই নিয়াত তেওঁলোকৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনা সংঘটিত কৰা স্ক’ৰপিঅ’খনৰ নম্বৰ হৈছে এ আৰ – ০১ – এম – ১৮৭৯।

পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো জব্দ কৰে।