NORTHEAST NOW (Assamese)
অসম

সলনি হ’ব আগ্ৰাৰ নাম; কি দিয়া হ’ব নতুন নাম?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2019 12:22 pm
Agra-New-Name

উত্তৰ প্ৰদেশ চৰকাৰে এতিয়া আগ্ৰা জিলাৰ নাম সলনি কৰি অগ্ৰৱন কৰাৰ প্ৰস্তুতি চলাইছে।

এই সন্দৰ্ভত জিলাখনৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা নাম সলনি কৰা প্ৰস্তাৱ সম্পৰ্কত সাক্ষ্য প্ৰমাণ বিচৰা হৈছে।

বৰ্তমান এই বিষয়ত বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগে চিন্তা-চৰ্চা কৰি আছে।

ইতিহাসৰ তথ্য অনুসৰি এসময়ত আগ্ৰাৰ নাম অগ্ৰৱন আছিল। শাসকপক্ষই এতিয়া এই সাক্ষ্য প্ৰমাণ বিচৰাৰ চেষ্টা চলাইছে যে অগ্ৰৱনৰ নাম কি পৰিস্থিতিত আগ্ৰা কৰা হৈছিল।

বিজেপি চৰকাৰ শাসনত থকা ৰাজ্যসমূহত বিভিন্ন আকৰ্ষণীয় স্থানসমূহৰ নাম সলনি কৰি নতুন নাম দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।