NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰী; মাজনিশা শিশুসহ ৪০ যাত্ৰীক উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 18, 2019 12:00 pm
ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰী; মাজনিশা শিশুসহ ৪০ যাত্ৰীক উদ্ধাৰ

বোকাখাতৰ ধনশিৰিমুখ আৰু গহপুৰৰ গমিৰিঘাটত চলাচল কৰা যাত্ৰীবাহী ফেৰীখন দেওবাৰে ব্ৰহ্মপুত্ৰৰ মাজত যান্ত্ৰিক বিজুতিৰ বাবে অচল হৈ পৰে।

৪০ জন যাত্ৰীৰ সৈতে গমিৰিঘাটৰ পৰা ওভতাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ হাতীচ’ৰা বন শিবিৰৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিয়লি আৱদ্ধ হৈ পৰে যাত্ৰীসহ ফেৰীখন।

পিছত যাত্ৰীসকলক উদ্ধাৰৰ বাবে কাজিৰঙাৰ বিশ্বনাথ বনসংমণ্ডলৰ লগতে অগৰাতলি বনাঞ্চলৰ উদ্ধাৰকাৰী দল যন্ত্ৰচালিত নাঁৱেৰে ঘটনাস্থলীত উপস্থিত হয়।

ফেৰীখনৰ স্বত্বাধিকাৰীয়ে দিয়া ভুল তথ্যৰ বাবেই যাত্ৰীসকলক উদ্ধাৰ কাৰ্য্যত বিলম্ব হোৱা বুলি জানিব পৰা গৈছে।

পিছত মাজনিশা কাজিৰঙাৰ বনকৰ্মী বলিন বৰা আৰু মেঘনাথ কুটুমে গোলাপ সোণোৱাল আৰু চালক প্ৰদীপ কুৰ্মীৰ সহযোগত পানীত আবদ্ধ ফেৰীখনৰ পৰা শিশুসহ ৪০ জন যাত্ৰীক উদ্ধাৰ কৰি ধনশিৰিমুখৰ ঘাটলৈ আনি পিছত বোকাখাতলৈ লৈ আনে।