NORTHEAST NOW (Assamese)
অসম

ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পাছত বাংলাদেশত প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2019 6:58 pm
onion

ভাৰতে বাংলাদেশলৈ পিয়াজৰ ৰপ্তানি বন্ধ কৰাৰ পাছত বাংলাদেশত পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি পাইছে।

বৰ্তমান বাংলাদেশে বায়ুপথেৰে দেশখনলৈ পিয়াজৰ ৰপ্তানি কৰি আছে।

ভাৰতৰ পিয়াজ উৎপাদনৰ মূল স্থল মহাৰাষ্ট্ৰত বানপানীৰ বাবে পিয়াজৰ খেতি বিনষ্ট হোৱাৰ পাছত ভাৰতে বাংলাদেশলৈ পিয়াজৰ ৰপ্তানি বন্ধ কৰিছিল।

ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পূৰ্বে বাংলাদেশত এক কিলোগ্ৰাম পিয়াজৰ বজাৰ মূল্য আছিল ৩০-৪০ টকা কিন্তু বৰ্তমান পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি পাইছে।

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাৰ মিডিয়া সচিৱ হাচান জাহিদ তুষেৰে শনিবাৰ পৰ্যন্ত প্ৰধান মন্ত্ৰীৰ বাসভৱনৰ কোনো খাদ্যতে পিয়াজ ব্যৱহাৰ কৰা হোৱা নাই বুলি উল্লেখ কৰে।

আনহাতে, দেশখনৰ স্থানীয় নাগৰিকে পিয়াজৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে দেওবাৰে ঢাকালৈ ম্যানমাৰ, তুৰ্কী, চীন আৰু ইজিপ্তৰ পৰা বিমানেৰে পিয়াজ ৰপ্তানি কৰা হয়।

বাংলাদেশ চৰকাৰৰ দ্বাৰা পৰিচালিত ট্ৰেডিং কোৰপোৰেশ্যন অব বাংলাদেশে ঢাকা চহৰত ৪৫ টকা সুলভ মূল্যত পিয়াজ যোগান ধৰিছে।

বাংলাদেশৰ ভালেমান ৰেষ্টুৰেণ্ট আৰু হোটেলৰ ম্যেনুৰ পৰা পিয়াজ বাদ দিয়া হৈছে বুলি খবৰ প্ৰকাশ হৈছে।