NORTHEAST NOW (Assamese)
অসম

বঙালী বিৰুদ্ধ মন্তব্যৰে বিপদত নীলমণি সেন ডেকা : প্ৰদেশ কংগ্ৰেছৰ পত্ৰৰ পাছত এইবাৰ থানাত এজাহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2019 6:29 pm
FIR-against-Nilamani-Sen-Deka-750x375

বঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়োৱা অভিযোগত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে মঙলবাৰে এজাহাৰ দাখিল কৰিছে হোজাইৰ সাংবাদিক সঞ্জিত সৰকাৰে।

দেওবাৰে এটা চেটেলাইট চেনেলত নীলমণি সেন ডেকাই সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে বুলি এজাহাৰখনত সৰকাৰে উল্লেখ কৰিছে।

প্ৰাক্তন মন্ত্ৰী ডেকাই অসমৰ বঙালী ভাষী লোকসকলে অসমীয়া ভাষা আৰু সংস্কৃতি ধ্বংস কৰাৰ বাবে চেষ্টা চলাই আছে আৰু অসমীয়া জাতিৰ উন্নয়নৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আছে বুলি মন্তব্য কৰিছিল বুলি এজাহৰখনত উল্লেখ কৰা হৈছে।

ডেকাৰ বিতৰ্কিত মন্তব্যৰ বাবে বঙালী সম্প্ৰদায়ৰ লোকসকল দুঃচিন্তাত ভোগাৰ লগতে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে তেওঁলোক ভয়ৰ মাজত থাকিব লগা হয় বুলিও এজাহাৰখনত সৰকাৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও নীলমণি সেন ডেকালৈ এই সম্পৰ্কত কাৰণ দৰ্শোৱাৰ পত্ৰ প্ৰেৰণ কৰা হৈছিল।

প্ৰদেশ কংগ্ৰেছে ডেকাক শীঘ্ৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে স্থিতি স্পষ্ট নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।