NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কক লৈ গুৱাহাটী আৰু কটন বিশ্ববিদ্যালয়ত প্ৰতিবাদৰ অংকুৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2019 7:36 pm
Protest at Guwahati University

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদৰ শীতকালীন অধিবেশনত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ আহিব বুলি ঘোষণা কৰাৰ পাছত উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি।

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ বিভিন্ন সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিধেয়ক বাতিল কৰিবলৈ দাবী জনাই মানৱ শৃংখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

কটনিয়ানে হাতে হাতে প্লে-কাৰ্ড লৈ কেব বাতিল কৰক ধ্বনিৰে ৰাজপথত নমা দেখা গ’ল।

আনহাতে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটে মঙলবাৰে বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি সৎকাৰ কৰে।

প্ৰতিবাদী ছাত্ৰসকলে অগপকো কঠোৰ সমালোচনা কৰি অগপ এটা মেৰুদণ্ডহীন দল হৈ পৰিছে বুলি উল্লেখ কৰাৰ লগতে শীঘ্ৰে বিধেয়কখন বাতিল নকৰিলে ভয়ানক আন্দোলন গঢ়ি তোলা হ’ব বুলি কয়।