NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

কেনিয়াত গুলীয়াই হত্যা পাকিস্তানী সাংবাদিকক: দেশজুৰি শোকৰ ছাঁ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2022 8:33 pm
Arshad Sharif Pakistani journalist

দীৰ্ঘদিন ধৰি হত্যাৰ আংশংকাত ভুগি দেশে-বিদেশে লুকাই থকাৰ পিছত অৱশেষত কেনিয়াত হত্যাৰ বলি হৈছে পাকিস্তানী সাংবাদিক আৰ্শ্বাদ শ্বৰীফ। আৰ্শ্বাদৰ পত্নী জাভেৰিয়া ছিদ্দিকে এক টুইট যোগে সাংবাদিক গৰাকীৰ হত্যাৰ কথা সদৰী কৰিছে।

তেওঁ লগতে পৰিয়ালৰ গোপনীয়তাক সন্মান জনাই ব্ৰেকিং নিউজৰ নামত পৰিয়ালৰ ছবি, ব্যক্তিগত বিৱৰণ আৰু চিকিৎসালয়ৰ পৰা আৰ্শ্বাদৰ অন্তিম সময়ৰ ফটোসমূহ শ্বেয়াৰ নকৰিবলৈও সকলোকে আহ্বান জনায়।

উল্লেখ্য যে আফগান হত্যাকাৰীৰ দ্বাৰা হত্যাৰ ষড়যন্ত্ৰ কৰাৰ সন্দেহত দীৰ্ঘদিন ধৰি লুকাই ফুৰিছিল শ্বৰীফ। হত্যাৰ আশংকা কৰিয়ে পাকিস্তান এৰি ডুবাইলৈ গৈছিল সাংবাদিকগৰাকী।

তেওঁৰ ঘনিষ্ঠ বন্ধুসকলৰ মতে, শ্বৰীফে ডুবাইতো তেওঁক বিচাৰি উলিওৱা হৈছে বুলি অনুভৱ কৰি কেনিয়ালৈ ৰাওনা হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি কেনিয়াৰ নাইৰোবিৰ উপকণ্ঠত শ্বৰীফৰ মূৰত গুলী লাগিছে। কেনিয়াস্থিত পাকিস্তানৰ উচ্চআয়োগে হত্যাকাণ্ড সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা তথ্য সংগ্ৰহ কৰি আছে।

সাংবাদিকগৰাকীৰ মৃত্যু নিশ্চিত কৰি বৈদেশিক কাৰ্যালয়ে জানিবলৈ দিয়া মতে কেনিয়াস্থিত আন শীৰ্ষ বিষয়াসকলৰ সৈতে পাকিস্তানৰ উচ্চায়ুক্ত নাইৰোবিৰ চিৰোমো অন্ত্যেষ্টিক্ৰিয়া গৃহত উপস্থিত হৈ শ্বৰীফৰ মৃতদেহ চিনাক্ত কৰিছিল।

ইফালে সাংবাদিকগৰাকীৰ মৃত্যুত সমগ্ৰ পাকিস্তানতে শোকৰ ছাঁ পৰিছে। দেশখনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানেও শ্বৰীফৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।