NORTHEAST NOW (Assamese)
অসম

ম্লান পৰিব দিপাৱলীৰ আনন্দ: অহা কেইদিনমালৈ বৰষুণৰ কৱলত পৰিব অসম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2022 8:09 pm
Heavy rains to drench Assam

পোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দত আজি বাধা দিছে বৰষুণে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত দিপাৱলীৰ আনন্দ উপভোগ কৰাত বাধাগ্ৰস্ত হৈছে ৰাজ্যবাসী।

পিছে কেৱল আজিয়ে নহয়, অনাগত কিছুদিনলৈও ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, আজিৰ পৰা ২৬ অক্টোবৰলৈকে অসমৰ প্ৰায় সকলো জিলাতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বৰষুণৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো জিলাত ইতিমধ্যে কমলা আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

মূলত: চিত্ৰাং ঘূৰ্ণীবতাহৰ ফলতে অসমসহ উত্তৰ-পূবৰ আন কেইখনমান ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে।

বিভাগে সদৰী কৰা মতে ঘূৰ্ণীবতাহ চিত্ৰাঙে মঙলবাৰে পুৱা স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে চিত্ৰাঙৰ গতি অধিক তীব্ৰতৰ হ’ব বুলি আশংকা কৰা হৈছে।