NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰই বাতিল কৰিলে এগৰাকী শাসকীয় দলৰ বিধায়কৰ নাগৰিকত্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2019 10:06 am
MLA Ramesh Chennamaneni

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে তেলেংগানাৰ বিধায়ক ৰমেশ চেন্নামনেনীৰ নাগৰিকত্ব বাতিল কৰে। নিউজ এজেন্সি পি টি আইয়ে এই বাতৰি প্ৰকাশ কৰিছে।

এই কঠোৰ সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি কেন্দ্ৰই কয় যে বিধায়কগৰাকী জাৰ্মানীৰ নাগৰিক আৰু তেওঁ জালিয়াতিৰে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল।

শাসকীয় তেলেংগানা ৰাষ্ট্ৰীয় সমিতি (টি আৰ এছ)ৰ সদস্যগৰাকীয়ে নিজৰ বিদেশ ভ্ৰমণৰ তথ্যও গোপনে ৰখাৰ অভিযোগ আনিছে কেন্দ্ৰই।

গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হয়, ‘ভুল বৰ্ণনা আৰু তথ্য গোপনে ৰখাৰ বাবে ভাৰত চৰকাৰে সিদ্ধান্ত লোৱাৰ সময়ত আৰম্ভণিতে বিপথে পৰিচালিত হৈছিল। তেওঁ এবছৰৰো অধিক সময়য ভাৰতত নথকাৰ কথা যদি আবেদনৰ সময়তে ক’লেহেতেন তেন্তে মন্ত্ৰালয়ে নাগৰিকত্ব প্ৰদানৰ অনুমতি নিদিলেহেতেন।

ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰি থকাটো সামূহিক হিতৰ বিপৰীত সেয়ে তেওঁৰ নাগৰিকত্ব বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

ইফালে নাগৰিকত্ব বাতিল কৰাক লৈ বিধায়ক চেন্নামনেনীয়ে কয়, ‘তেলেংগানা উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত তেওঁৰ সপক্ষে ৰায় প্ৰদান কৰি থৈছিল কিন্তু মন্ত্ৰালয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ক বিবেচনা নকৰাকৈয়ে নাগৰিকত্ব বাতিল কৰে। মই পুনৰ উচ্চ ন্যায়ালয়লৈ যাম’।

উল্লেখ্য যে, হাইদাৰাবাদৰ পৰা ১৫০ কিলেমিটাৰ নিলগত থকা বেমুলাবাড়া সমষ্টিক প্ৰতিনিধিত্ব কৰে চেন্নামনেনীয়ে। প্ৰথমবাৰৰ বাবে ২০০৯ চনত চনদ্ৰবাবু নায়ডুৰ তেলেগু দেশম পাৰ্টী (টি ডি পি)ৰ টিকটত বিধায়ক হৈছিল।

বিধায়ক হোৱাৰ ঠিক এবছৰ পাছতে তেওঁ টি ডি পি এৰি কে চন্দ্ৰশেখৰ ৰাওৰ টি আৰ এছত যোগদান কৰে আৰু উপ নিৰ্বাচনত পুনৰবাৰ বিজয়ী হয়। ইয়াৰ পিছত ২০১৪ আৰু ২০১৮ত অনুষ্ঠিত হোৱা দুয়োটা নিৰ্বাচনতে জয়লাভ কৰে।