NORTHEAST NOW (Assamese)
Popular Stories

ভূমিষ্ঠ হ’ল অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ পৰিষদ’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 21, 2019 3:07 pm

গঠন হ’ল অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ পৰিষদ’। বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ বহুকেইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আনুষ্ঠানিকভাৱে ছাত্ৰ সংগঠনটোৰ আত্ম প্ৰকাশ ঘটে।

অনুষ্ঠানত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই কয় “আজি আমাৰ বাবে এটা শুভ দিন, ঐতিহাসিক দিন। ‘নৱজাগৰণৰ বাবে ছাত্ৰ’ এই লক্ষ্য লৈয়ে জন্ম দিয়া হৈছে অসম ছাত্ৰ পৰিষদ।”

বৰাই আৰু কয় “অগপত নতুন প্ৰজন্মক ঠাই নিদিয়া বুলি কোৱা অভিযোগ আজিৰ পৰা আৰু নাথাকে। নতুন প্ৰজন্মক আগুৱাই নিয়াৰ বাবেই জন্ম লাভ কৰিছে এই ছাত্ৰ সংগঠনটোয়ে।”

“বিদেশীক বহিস্কাৰ কৰাৰ বাবে বৃহৎ আন্দোলন হৈছিল সেয়া অতীত হলেও আমি পাহৰিব নোৱাৰো” বৰাই লগতে কয়।

ইপিনে, “অতীতৰ পৰা আমি শিকিব লাগিব” বুলি মন্তব্য কৰি বৰাই লগতে কয় “বিদেশী নাগৰিকৰ সমস্যা এতিয়াও আছে সমাধান নহ’ল। আমি এখন শুদ্ব NRC নাপালো। চাকৰিৰে কেতিয়াও চৰকাৰে নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে।”

“প্ৰত্যেক ৰাজনৈতিক দলৰে একোটা নিজস্ব ছাত্ৰ সংগঠন আছে ৷ সেয়হে অসম গণ পৰিষদে নিজৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ জন্ম দিয়ে৷” ভাষণত বৰাই কয়।

আজি কেৱল এখন তদৰ্থ কমিটি গঠন কৰি পৰৱৰ্তী সময়ত জিলা ভিত্তিত আৰু আঞ্চলিক ভিত্তিত সক্ৰিয় ভাৱে গঠন কৰা হ’ব। ত্ৰিনয়ন বৰুৱাক ছাত্ৰ সংগঠনটোৰ সভাপতিৰ দায়িত্ব দিয়া হয়।

আজিৰ উক্ত অনুষ্ঠানত অসম গণ পৰিষদ সভাপতি অতুল বৰা, ফণিভূষন চৌধৰী, কেশৱ মহন্তৰ লগতে বহুকেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকে।