NORTHEAST NOW (Assamese)
অসম

আবেগ পৰিহাৰ কৰি বাস্তৱমুখী অগপ সভাপতি অতুল বৰা!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 21, 2019 8:07 pm
Minister Atul Bora on unnatural death of pig in Assam

আবেগ পৰিহাৰ কৰি বাস্তৱমুখী হৈছে অগপ সভাপতি অতুল বৰা। অসম আন্দোলনৰ সময়ত সক্ৰিয় ভূমিকা লোৱা অগপ সভাপতি অতুল বৰাই সেই সময়ৰ নেতৃত্বৰ কথা মতে আৱেগিকভাৱে অসম আন্দোলনত অংশগ্ৰহণ কৰা বুলি সদৰী কৰে।

অসম আন্দোলনৰ সময়ত আন্দোলনৰ নেতৃত্বই কৈছিল অসমত ৩০ লাখ-৪০ লাখ বাংলাদেশী আছিল। সেয়েহে সকলো ধৰ্ম-শ্ৰেণীৰ জনসাধাৰণে আৱেগিকভাৱে আন্দোলনত অংশ লৈছিল।‘ অগপৰ নতুন ছাত্ৰ সংগঠনৰ জন্মৰ সময়ত সংবাদমাধ্যমৰ আগত এইদৰে কয় অতুল বৰাই।

ইপিনে, সদ্য প্ৰকাশিত এনআৰচিক লৈ বিজেপিৰ সুৰতে সুৰ মিলাই বৰাই কয়, ‘সুদীৰ্ঘ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যিখন এনআৰচি প্ৰকাশ হৈ ওলাল, তাত যিমানসংখ্যক লোকৰ নাম বাদ পৰিল, এইটোৱে মানুহৰ মনত সন্দেহৰ সৃষ্টি কৰিছে।‘

বৰাৰ প্ৰশ্ন ‘ক’ত গ’ল অসম আন্দোলনৰ সময়ৰ লাখ লাখ বিদেশী? সেই সময়তে যদি ৪০-৫০ লাখ বিদেশী আছিল, তেন্তে এতিয়া সেই বিদেশীসমূহ ক’ত গ’ল?’

‘এনআৰচিক লৈ সুখী নহয়, এই কথা পূৰ্বেও কৈছো। এখন শুদ্ধ এনআৰচি হোৱা নাই।‘ বৰাই এইদৰে কয়।

ইপিনে, সমগ্ৰ দেশৰ সমান্তৰালকৈ অসমতো ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচিৰ কাম-কাজ হ’ব বুলি অমিত শ্বাহে ঘোষণা কৰাৰ পাছতে আছুকে ধৰি অন্যান্য দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে। তেনে সময়তে ইয়াক লৈ অতুল বৰাই কৌশলগত স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

‘৫১ চন হ’ব লাগে বুলি আজি মই নকওঁ, সেই কথা দলৰ মজিয়াত আলোচনা কৰা নাই। নতুনকৈ একো ভবা নাই, কিয়নো এনেকুৱা কৰিলে অসম চুক্তি ভংগ হ’ব।‘ বৰাই কয়।

উল্লেখযোগ্য যে, বিগত লোকসভা অধিৱেশনত কেব গৃহীত কৰাৰ পূৰ্বে অগপই বিজেপিৰে পুনৰ মিত্ৰতা ছেদ কৰি অসমৰ ৰাইজৰ সমৰ্থন ল’বলৈ সক্ষম হৈছিল। তাৰ পাছতে ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰে পুনৰ মিত্ৰতা কৰি কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল অগপৰ তিনি মন্ত্ৰী। বিজেপিৰে পুনৰ মিত্ৰতা কৰাৰ সময়ত কেব নাহিব বুলি বিজেপিয়ে কোৱা নাছিল বুলি উল্লেখ কৰে অতুল বৰাই।

‘লোকসভাত উত্থাপন কৰাৰ আগতেই আমি বিজেপিৰ পৰা আঁতৰি আহিছিলো। তাৰ পাছত ৰাজ্য সভাত উত্থাপন নকৰিলে। তাৰ পাছত লোকসভা নিৰ্বাচনৰ সময়ত আমি আলাপ আলোচনাৰ মাজেৰে বিজেপিৰ সৈতে একত্ৰিত হৈ মন্ত্ৰিত্ব লৈছিলো। তেতিয়া তেওঁলোকে কেব নাহিব বুলি কোৱা নাছিল। কেব অসমক লৈ নহয়, সমগ্ৰ দেশৰ কাৰণে কৰিব লাগিব বুলি তেওঁলোকে কৈছিল।‘ বৰাই এইদৰে কয়।

ইপিনে, কেব আহিলে সংশোধিত ৰূপত আহিব আৰু অগপ নেতৃত্বৰে আলাপ আলোচনা কৰিব বুলি আশ্বাস দিছিল যদিও বৰ্তমানলৈকে কোনো আলোচনা কৰা নাই বুলি বৰাই জানিবলৈ দিয়ে।