NORTHEAST NOW (Assamese)
অসম

বছৰৰ প্ৰথম দিনটোতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যভূক্তিৰ দাবী ফ্ৰান্সৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2021 3:52 pm

নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কাম আৰম্ভ কৰাৰ সময়তে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ফ্ৰান্সে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদৰ দাবী জনায়।

ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য পদত ভাৰতৰ স্থায়ী সদস্যভূক্তিৰ প্ৰসংগ উত্থাপন কৰে।

‘‘আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংশোধনী কৰিব লাগিব যাতে ভাৰতে স্থায়ী সদস্য পদ লাভ কৰিব পাৰে,’’ ফ্ৰান্সৰ ৰাষ্ট্ৰদূত গৰাকীয়ে মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে অষ্টম বাৰৰ বাবে নিৰ্বাচিত হৈছে।

আনহাতে, ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত গৰাকীয়ে ভাৰত আৰু ফ্ৰান্সে আন্তঃৰাষ্ট্ৰীয় নীতিৰ সৈতে সন্ত্ৰাসবাদ নিৰ্মূলৰ হকে একেলগে সদায় যুদ্ধ কৰি যাব বুলিও লগতে উল্লেখ কৰে।

ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাৎ উন্নত হৈছে। বিগত সময়ত ভাৰতে ফ্ৰান্সৰ পৰা ৰাফেল যু্দ্ধবিমান ক্ৰয় কৰাৰ পাছত ভাৰত আৰু ফ্ৰান্সৰ মাজত সামৰিক সহযোগিতাই নতুন গতি লাভ কৰিছিল।