NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত দুটাকৈ মন্দিৰ লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী May 25, 2022 2:48 pm
গুৱাহাটী মহানগৰীত দুটাকৈ মন্দিৰ লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

অচিনাক্ত দুৰ্বৃত্তই মঙলবাৰে নিশা গুৱাহাটীৰ ভেটাপাৰাত প্ৰায় ৩০ মিটাৰ ব্যৱধানত থকা দুটাকৈ মন্দিৰৰ শিৱৰ লগতে গণেশৰ মূৰ্তি ক্ষতিগ্ৰস্ত কৰি শিৱ মন্দিৰ আৰু গণেশ মন্দিৰ লণ্ডভণ্ড কৰে।

আজি পুৱাৰ ভাগত ভক্তৰ সৈতে পুৰোহিত মন্দিৰত উপস্থিত হৈ ভগৱান শিৱ, শিৱৰ লিংগ আৰু গণেশৰ মূৰ্তি ভঙা দেখা পোৱাৰ পিছত ঘটনাটো পোহৰলৈ আহিছিল।

মন্দিৰ লণ্ডভণ্ড কৰাৰ আঁৰত থকা দুৰ্বৃত্তসকলৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।

ইপিনে, মহানগৰ আৰক্ষীয়ে ঘটনাটোত জড়িত দুৰ্বৃত্তসকলক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে।

বৰ্তমানলৈকে কোনো শুং-সূত্ৰ লাভ কৰা নাই বশিষ্ঠ থানা আৰু হাতীগাঁও থানাই।