NORTHEAST NOW (Assamese)
অসম

গানৰ মাধ্যমেৰে বিশ্বনাথৰ এজন যুৱকৰ অভিনৱ প্ৰয়াস

Posted by: কাজি জেইদুল ইছলাম February 12, 2019 1:11 pm
IMG-20190212-WA0032

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ হাতত নিধন হৈ থকা এশিঙিয়া গঁড়ৰ অস্তিত্ব ৰক্ষাৰ বাবে ভিন্নজনে ভিন্ন প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে এইবাৰ সংগীতৰ মাধ্যমেৰে অসমৰ প্ৰতীক এশিঙিয়া গঁড় সংৰক্ষণৰ ব্যতিক্ৰমী প্ৰয়াস কৰিছে বিশ্বনাথৰ এজন যুৱকে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ অস্তিত্বকলৈ শংকিত হৈ পৰিছে যদু দাস নামৰ বিশ্বনাথৰ দক্ষিণ গাঁওৰ নিৱাসী যুৱকজন।সেয়েহে সংগীতৰ মাধ্যমেৰে গঁড় হত্যা ৰোধ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে যদুৱে নিজে লিখা এটা গান জনসাধাৰণৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে।

অংকুৰ শইকীয়াই বাণীবদ্ধ কৰা আৰু সীমান্ত ডেকাই সংগীত পৰিচালনা কৰা গীতটোত যদুই নিজেই কন্ঠ নিগৰাইছে।

এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি বৰ্তমান টেম্প’ চলাই পৰিয়াল পোহ-পাল দি থকা যদুৰ সংগীতৰ প্ৰতি বিশেষ ধাউতি আছিল, সেয়েহে সংগীতৰ মাধ্যমেৰেই জনসাধাৰণক গঁড় আৰু কাজিৰঙা সংৰক্ষণ কৰাৰ বাবে সচেতন কৰি তোলাৰ উদ্দেশ্য এই ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে।

বিশ্বনাথৰ দৰিদ্ৰ পৰিয়ালৰ সন্তানগৰাকীৰ সমাজ সচেতনতাৰ এই প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে। আনহাতে, যদুৱেও ব্যক্তিগতভাৱে ৰাইজে গানটো আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে।