NORTHEAST NOW (Assamese)
অসম

অসমক কেন্দ্ৰৰ বঞ্চনা : গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰক কিয় কৰা নহ’ল ২৪ ঘণ্টীয়া অসমীয়া চেনেল?

Posted by: এন ই নাও নিউজ February 12, 2019 12:59 pm
Dlw4adUVAAAtL6x

সুদীৰ্ঘ দিন প্ৰচাৰ ভাৰতীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। অসমতকৈ পাছত স্থাপন হোৱা অৰুণাচল প্ৰদেশৰ ইটানগৰ দূৰদৰ্শন কেন্দ্ৰক নতুনকৈ ‘ডি ডি অৰুণপ্ৰভা’ নামকৰণেৰে ২৪ ঘণ্টীয়া চেনেললৈ উন্নীতকৰণ কৰা হ’ল। ইয়াৰ বিপৰীতে, অসমৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰক ২৪ ঘণ্টীয়া অসমীয়া চেনেলৰ মৰ্যাদা দিয়া নহ’ল।

১৯৮২ চনতেই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ স্থাপন হোৱাৰ বিপৰীতে ইটানগৰ দূৰদৰ্শন কেন্দ্ৰটো ১৯৯৫ চনতহে স্থাপন হৈছিল। অথচ ইটানগৰ দূৰদৰ্শন কেন্দ্ৰক অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ডি ডি অৰুণপ্ৰভা’ নামেৰে ২৪ ঘণ্টীয়া চেনেল হিচাপে মুকলি কৰে। ইয়াকে লৈ অসমত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ডি ডি অৰুণপ্ৰভাত ২৪ ঘণ্টা ধৰি অৰুণাচলৰ স্থানীয় অনুষ্ঠান প্ৰচাৰ আৰম্ভ হোৱাৰ বিপৰীতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত এতিয়াও দৈনিক মাত্ৰ চাৰি ঘন্টা ত্ৰিশ মিনিটৰ  স্থানীয় তথা অসমীয়া অনুষ্ঠান প্ৰচাৰ হয়। বাকী সময়ত উত্তৰ-পূবৰ বিভিন্ন অনুষ্ঠান সম্প্ৰচাৰ হৈ থাকে।

আনহাতে,  ডি ডি ওড়িষা, ডি ডি গুজৰাট, ডি ডি বিহাৰ, ডি ডি কাশ্মীৰ, ডি ডি পঞ্জাৱ আদি আঞ্চলিক ২৪ ঘণ্টীয়া চেনেলে বিভিন্ন ৰাজ্যত অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। এইক্ষেত্ৰত কেন্দ্ৰই অসমক বঞ্চনা কৰাৰ কাৰণ কি বুলিও বিভিন্নজনে প্ৰশ্ন তুলিছে।

অসমৰ প্ৰতি সততে দায়বদ্ধতাৰ কথা ঘোষণ কৰি অহা কেন্দ্ৰৰ বিজেপি চৰকাৰখনে অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ কথা কৈ আহিলেও বাস্তৱত যেন তাৰ প্ৰতিফলন ঘটা নাই।

উল্লেখযোগ্য যে, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰটো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো দূৰদৰ্শন কেন্দ্ৰ। উত্তৰ-পূবৰ এই প্ৰথমটো দূৰদৰ্শন কেন্দ্ৰকে ২৪ ঘণ্টীয়া চেনেললৈ উন্নীত কৰিব নোৱাৰা চৰকাৰখনে ইটানগৰ কেন্দ্ৰক ২৪ ঘণ্টীয়া চেনেল কৰাৰ পাছত স্বাভাৱিকতেই অসমৰ প্ৰতি মোদী চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ত প্ৰশ্নৰ অৱতাৰণা হৈছে।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশত ২৪ ঘণ্টীয়া চেনেল কৰাৰ পাছত অসমক বাদ দি বাকী উত্তৰ-পূবৰ আনকেইটা দূৰদৰ্শন কেন্দ্ৰ ক্ৰমে শ্বিলং, কোহিমা, ইম্ফল, আইজল, আগৰতলা আৰু গেংটক কেন্দ্ৰকো ২৪ ঘণ্টীয়া চেনেললৈ ৰূপান্তৰিত কৰিব পৰা আন্তঃগাঁথনি ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে।

তদুপৰি, উক্ত কেন্দ্ৰকেইটাত সুকীয়া উপগ্ৰহ ট্ৰান্সপণ্ডাৰ আৱণ্টিত হৈছে। এতিয়া যিকোনো মুহূৰ্ততে কেন্দ্ৰকেইটাক ২৪ ঘণ্টীয়া চেনেললৈ পৰিৱৰ্তন কৰিব পৰা যাব। ইয়াৰ বিপৰীতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ তেনে কোনো আন্তঃগাঁথনি নাই।

ইপিনে, পি পি চি নৰ্থ-ইষ্টৰ অধীনস্থ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰটো ডি ডি নৰ্থ-ইষ্ট নামৰ ২৪ ঘণ্টীয়া উপগ্ৰহ চেনেলটোৰ অন্তৰ্গত আৰু ই গুৱাহাটী দূৰদৰ্শনক মাত্ৰ চাৰি ঘন্টা ৩০ মিনিট সময়হে দিয়ে। এই সময়খিনিৰ ভিতৰতে অসমৰ কৃষ্টি-সংস্কৃতি, ভাষা তথা প্ৰতিভা বিকাশৰ সময় উলিয়াবলগীয়া হয়।

কেন্দ্ৰৰ এনে বঞ্চনাত ক্ষোভ প্ৰকাশ কৰি সংশ্লিষ্ট বিভিন্ন পক্ষই অতি শীঘ্ৰেই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰক এটা ২৪ ঘন্টীয়া চেনেল কৰাৰ দাবী উত্থাপন কৰিছে।