NORTHEAST NOW (Assamese)
অসম

ৰাজ্যবাসীক পৰিয়ালৰ সৈতে বিজেপিৰ পতাকা উত্তোলন কৰিবলৈ আহ্বান সোণোৱালৰ

Posted by: এন ই নাও নিউজ February 12, 2019 2:24 pm
WhatsApp Image 2019-02-12 at 2.14.58 PM

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ দুৰ্বল স্থিতিৰ বাবে অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ আৰু ক’লা পতাকাৰ সন্মুখীন হোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়স্থিত নিজৰ বাসগৃহত উত্তোলন কৰিলে বিজেপিৰ দলীয় পতাকা।

ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ ভাৰত ব্যাপি ঘোষণা কৰা ‘মোৰ পৰিয়াল, বিজেপিৰ পৰিয়াল’ শীৰ্ষক অভিযানৰ অংশস্বৰূপে সোণোৱালে বিজেপিৰ সদস্য, কৰ্মকৰ্তা আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত নিজৰ ঘৰত বিজেপিৰ দলীয় পতাকা উত্তোলন কৰি সমগ্ৰ ৰাজ্যৰ জনসাধাৰণকো এই কাৰ্য্যসূচীৰ অংশীদাৰ হৈ পৰিয়ালৰ লোকৰ সৈতে বিজেপিৰ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। সোণোৱালে ৰাজ্যবাসীক দেশ তথা ৰাজ্যৰ উন্নয়ন আৰু প্ৰগতিৰ হকে বিজেপিৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ কয়।

উল্লেখযোগ্য যে, সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ মৰাণৰ ২নং বুঢ়ীখোৱাঙত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্বাচিত সাধাৰণ সদস্য সকলৰ শপতগ্ৰহণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে মুখ্য মন্ত্ৰীৰ কৃষি-সা-সঁজুলি বিতৰণ অনুষ্ঠানতো অংশগ্ৰহণ কৰে। সভাত অংশ লৈ সোণোৱালে বিজেপিৰ নেতৃত্বত ৰাজ্যৰ জনসাধাৰণৰ বাবে চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ লৈ ৰাজ্য প্ৰতিবাদেৰে উত্তাল হৈ থকাৰ সময়তে সোণোৱালৰ এই আহ্বানে ৰাজ্যবাসীৰ মনত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়া লক্ষণীয় হ’ব।