NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন মহানগৰীৰ ১০ বছৰীয়া মায়াঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2019 8:07 am

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল গুৱাহাটীৰ এজন কিশোৰ। নতুন দিল্লীৰ ইণ্ডিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত ১১ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে মায়াং চক্ৰৱৰ্তীয়ে।

মহানগৰীৰ আদাবাৰী তিনিআলিৰ কিশোৰ তথা ১০ বছৰীয়া মায়াং চক্ৰৱৰ্তীৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে পৰিয়ালবৰ্গক।

দেশৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাৰ অপেন শাখাত। বহু শ্ৰেষ্ঠ খেলুৱৈক পৰাজিত কৰি মহানগৰীৰ মায়াঙে ৰেংকিঙৰ শীৰ্ষ স্থানত অতিক্ৰম কৰিবলৈ সক্ষম হয়।

অসমক প্ৰতিনিধিত্ব কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ১০ বছৰীয়া মায়াং চক্ৰৱৰ্তীয়ে। উল্লেখযোগ্য যে পূৰ্বেও বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে মায়াং চক্ৰৱৰ্তী।