NORTHEAST NOW (Assamese)
অসম

ইণ্ডিয়ান জাৰ্ণেলিষ্ট য়ুনিয়নৰ সভাপতি পদত অসমৰ জ্যেষ্ঠ সাংবাদিক গীতাৰ্থ পাঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 10:36 pm
Gitartha-Pathak-1140x570

অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক গীতাৰ্থ পাঠক ইণ্ডিয়ান জাৰ্ণেলিষ্ট য়ুনিয়নৰ (আই জে য়ু) সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

বৰ্তমান এগৰাকী মুক্ত সাংবাদিক গীতাৰ্থ পাঠক পূৰ্বে আছাম ট্ৰিবিউন গোষ্ঠীৰ পৰা প্ৰকাশিত অসমীয়া সাপ্তাহিক “অসম বাণী’ৰ সহকাৰী সম্পাদক আছিল।

সাংবাদিক সংস্থাটোৰ প্ৰাক্তন সভাপতিগৰাকীয়ে পদত্যাগ কৰাৰ পাছত অলপতে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত পাঠকক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰা হয়।

অসমৰ সাংবাদিকগৰাকীয়ে ইণ্ডিয়ান জাৰ্ণেলিষ্ট য়ুনিয়নৰ সভাপতি হিচাপে য়ুনিয়নৰ পৰৱৰ্তী পূৰ্ণাংগ অধিবেশনলৈ কাৰ্যনিৰ্বাহ কৰিব।

সাংবাদিক সংস্থাটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাখন অল মণিপুৰ জাৰ্ণেলিষ্ট য়ুনিয়নে মণিপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ বিভাগৰ সহযোগত আয়োজন কৰিছিল।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙেও আই জে য়ুৰ নৱ নিৰ্বাচিত সবাপতি পাঠকক ইম্ফলত অনুষ্ঠিত ছাংগাই ফেষ্টিভেল ২০১৯’ৰ উদ্বোধনী অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়।

আই জে য়ুৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাখন উদ্বোধন কৰে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী থংঙাম বিশ্বজিৎ সিঙে।

আই জে য়ু ১৯৯০ চনৰ পৰা ভাৰতৰ কৰ্মৰত সাংবাদিকৰ বৃহৎ আৰু আটাইতকৈ অধিক প্ৰতিনিধিত্বমূলক সংগঠন।

আই জে য়ুৰ প্ৰথম পূৰ্ণাংগ অধিৱেশনখন ১৯৯১চনৰ ২৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ ৰাঁচীত অনুষ্ঠিত হৈছিল।

সংগঠনটোৰ শাখা প্ৰায় সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে আছে। আই জে য়ুৰ মুঠতে ২৩,০০০তকৈয়ো অধিক সদস্য আছে।

সাংবাদিক গীতাৰ্থ পাঠক ইয়াৰ পূৰ্বে আই জে য়ুৰ দ্বাৰা স্বীকৃত জাৰ্ণেলিষ্ট য়ুনিয়ন অফ আছামৰ সভাপতি আছিল।