NORTHEAST NOW (Assamese)
Popular Stories

কম সময়ৰ বাবে মুখ্য মন্ত্ৰী হোৱা দেশৰ কেইগৰাকীমান ৰাজনেতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2019 2:13 pm
img_1574774802879_744

দেশৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্য মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ তালিকাত নতুনকৈ সংযোজন হ’ল বুধবাৰে দুপৰীয়া পদত্যাগ কৰা মহাৰাষ্ট্ৰৰ বিজেপি নেতা দেবেন্দ্ৰ ফৰ্ণবিছ।

এন চি পি নেতা অজিত পাৱাৰৰ সমৰ্থনত দেবেন্দ্ৰ ফর্ণবিছে দ্বিতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ তিনিদিন পাছতে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নথকা বাবে পদত্যাগ কৰিবলগীয়া হয়।

ইয়াৰ লগে লগে তেওঁ মহাৰাষ্ট্ৰত কম সময়ৰ বাবে দায়িত্ব লাভ কৰা মুখ্য মন্ত্ৰীৰূপেও পৰিগণিত হ’ল।

দেবেন্দ্ৰ ফৰ্ণবিছৰ উপৰি এই তালিকাত দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম সন্নিবিষ্ট হৈ আছে।

কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা দেশৰ মুখ্য মন্ত্ৰীসকলৰ বিষয়ে জানো আহক

দেশৰ ৰাজনীতিত আটাইতকৈ কম সময়ৰ বাবে মুখ্য মন্ত্ৰিত্বৰ দায়িত্বত আছিল উত্তৰ প্ৰদেশৰ জগদম্বিকা পাল। তেওঁ মুখ্য মন্ত্ৰী হৈছিল মাত্ৰ এদিনৰ বাবে।

১৯৯৮ চনৰ ২১ ফেব্ৰুৱাৰিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰমেশ ভাণ্ডাৰীয়ে কল্যাণ সিঙৰ চৰকাৰখন ভাঙি দিয়াৰ পাছতে নিশা মুখ্য মন্ত্ৰী হিচাপে শপত লৈছিল পালে। কিন্তু উচ্চতম ন্যায়ালৰ নিৰ্দেশত হোৱা আস্থা ভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণত ব্যৰ্থ্য হয়।

বি এছ য়েদুৰুপ্পা (কৰ্ণাটক) : ২০১৮ চনৰ ১৭ মে’ত এইগৰাকী বিজেপি নেতাই মুখ্য মন্ত্ৰী হিচাপে শপত লৈছিল যদিও আস্থা ভোটৰ সন্মুখীন হোৱাৰ পূৰ্বেই অৰ্থাৎ তিনিদিন পিছত পদত্যাগ কৰে।

নাবাম টুকি (অৰুণাচল প্ৰদেশ) : ২০১৬ চনৰ ১৩ জুলাইত শপত লোৱা কংগ্ৰেছৰ টুকীয়ে চাৰিদিন পিছতে অৰ্থাৎ ১৭ জুলাইত দলীয় মতানৈক্যৰ বাবে পদত্যাগ কৰিবলগীয়া হয়।

সতীশ প্ৰসাদ সিং (বিহাৰ) : এইগৰাকী কংগ্ৰেছ নেতাই ১৯৬৮ চনৰ ২৮ জানুৱাৰিৰ পৰা ১ ফেব্ৰুৱাৰিলৈ অৰ্থাৎ ৫ দিনৰ বাবে মুখ্য মন্ত্ৰীৰ দায়িত্বত আছিল।

ওম প্ৰকাশ চৌতালা (হাৰিয়ানা) : বৰ্ষীয়ান INLD নেতাজনে প্ৰথমবাৰ ১৯৯০ চনৰ ২ জুলাইৰ পৰা ১৭ জুলাইলৈ আৰু পিছৰ বছৰত দ্বিতীয়বাৰৰ বাবে ২২ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

এছ চি মাৰাক (মেঘালয়) : জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে ১৩ দিনৰ বাবে অৰ্থাৎ ১৯৯৮ চনৰ ২৭ ফেব্ৰুৱাৰিৰ পৰা ১০ মাৰ্চলৈ আছিল।