NORTHEAST NOW (Assamese)
অসম

৩ বছৰৰ ভিতৰত ৰাজ্যখনৰ ১৯ খন জিলাত ১ লাখ নলী-নাদ বহুওৱাব চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2019 8:16 pm

প্ৰধান মন্ত্ৰী কৃষি সিচাই যোজনা আৰু হ’ৰ খেতকো পানী আঁচনিৰ অধীনত অহা ৩ বছৰৰ ভিতৰত ৰাজ্যখনৰ ১৯ খন জিলাত ১ লাখ নলী-নাদ বহুওৱা হ’ব।

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মুখ্য মন্ত্ৰী সভাকক্ষত অনুষ্ঠিত বৈঠকত এই আঁচনিখন সঠিক ৰূপত ৰূপায়ণ কৰা সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰে।

উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৪৭৭৯ টা সৌৰ আৰু বিদ্যুৎ চালিত নলী-নাদ ৰাজ্যখনৰ ১৯ খন জিলাত বহুওৱা হ’ব আৰু ইয়াৰ দ্বাৰা ১৮৫৭৭ গৰাকী কৃষক লাভৱাম্বিত হ’ব।

আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক এই আঁচনিৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

তাৰোপৰি নলী-নাদ বহুওৱাৰ দিশত গুণগত মানদণ্ড নিশ্চিত কৰাৰ ব্যৱস্থা লোৱাৰ উপৰি যিমান পাৰি আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ বাবেও নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সোণোৱালে।

আনহাতে আজিৰ বৈঠকতে ৰাজ্যখনৰ মৎস্য উৎপাদনৰ বিষয়টো আলোচনা কৰা হয়। ৰাজ্যখনৰ প্ৰাকৃতিক বিল সমূহত আৰু নদীৰ এৰা সুঁতি সমূহত মৎস্য উৎপাদনৰ বাবে যথোচিত পদক্ষেপ ল’বলৈ মীন বিভাগৰ সচিব ৰাকেশ কুমাৰক মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিয়ে।