NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ৯৬১খন চৰকাৰী বিদ্যালয় বন্ধ! ত্ৰিপুৰা চৰকাৰক ক্ষুৰধাৰ সমালোচনা মাণিক সৰকাৰৰ

Posted by: তন্ময় চক্ৰবৰ্তী Updated by: তন্ময় চক্ৰবৰ্তী November 27, 2019 9:43 pm
sfi protest

৯৭% সাক্ষৰতাৰ হাৰেৰে দেশৰ শীৰ্ষৰফালে স্থান দখল কৰা ত্ৰিপুৰাৰ শিক্ষা ব্যৱস্থাটোক বিজেপি নেতৃত্বাধীন চৰকাৰখনে ধ্বংস কৰিব বিচাৰিছে বুলি আজি অভিযোগ কৰে বিৰোধী দলপতি, প্ৰাক্তন মুখ্য মন্ত্ৰী মাণিক সৰকাৰে।

ৰাজধানী আগৰতলাত আজি এটা ছাত্ৰ সন্মিলনক সম্বোধন কৰি সৰকাৰৰ মন্তব্য, “চৰকাৰখনৰ আনকি শিক্ষাৰ বিষয়টোত কোনো ঐকান্তিকতা নাই”।

চৰকাৰে ৯৬১খন চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সমাৱেশটো আয়োজন কৰিছিল বাওঁ ভাবধাৰাৰ ছাত্ৰ সংগঠন এছ এফ আই আৰু টি এছ য়ুৱে।

জানিব পৰামতে, ত্ৰিপুৰা চৰকাৰে ৯৬১খন বিদ্যালয় বন্ধ কৰাৰ উপৰি ঠায়ে ঠায়ে ৫ কিলোমিটাৰৰ ভিতৰত থকা বিদ্যালয়বোৰ একত্ৰীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটোৰো বিৰোধিতা কৰিছে বাওঁ শিবিৰৰ ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক দলবোৰে। তেওঁলোকৰ মতে ইয়াৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব গ্ৰামাঞ্চল।

শিক্ষ সকলো কণ্ঠৰ আধাৰ আখ্যা দি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ছাত্ৰ সংগঠনকেইটা আৰু যুৱশক্তিক এই দিশটোৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।

বিজেপি-আই পি এফ টি চৰকাৰখনে শিক্ষাৰ্থীৰ বিৰুদ্ধে যোৱা এটাৰ পিছত আন এটা সিদ্ধান্ত গ্ৰহণ কৰি আছে বুলি তেওঁ অভিযোগ কৰে।

ত্ৰিপুৰাই যেতিয়া ১৯৭২ চনত ৰাজ্য হিচাপে স্বীকৃতি পাইছিল, তেতিয়া সাক্ষৰতাৰ হাৰ আছিল মাত্ৰ ৩১ শতাংশ। কিন্তু এতিয়া সাক্ষৰতাৰ হাৰ ৯৭%।

তেওঁৰ মতে, প্ৰায় ১ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ চৰকাৰখনৰ সিদ্ধান্তই সৰ্বাধিক ক্ষতি কৰিব জনজাতীয় লোকসকলক।