NORTHEAST NOW (Assamese)
অসম

‘হৰ্নবিল মহোৎসৱ’ত নিষিদ্ধ কৰা হ’ল ধঁপাতজাতীয় সামগ্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2019 9:17 am
Hornbill_Festival_

নাগালেণ্ডৰ প্ৰসিদ্ধ তথা ঐতিহাসিক হৰ্ণবিল মহোৎসৱত গুটখা, পাণ মছলা আৰু তেনেধৰণৰ অন্য সামগ্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বুধবাৰে নাগালেণ্ডৰ কহিমাৰ উপায়ুক্তই এই কথা জানিবলৈ দিয়ে।

কহিমাৰ উপায়ুক্ত তথা জিলাস্তৰীয় সমন্বয় কমিটিৰ অধ্যক্ষ গ্ৰিগ’ৰি থেজাৱেলীয়ে জানিবলৈ দি কয় যে কিছামাৰ হেৰিটেজ ভিলেজত অনুস্থিত হ’ব লগীয়া হৰ্ণবিল মহোৎসৱত ধঁপাতজাতীয় সমাগ্ৰীৰ বিক্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰি বিষয়াগৰাকীয়ে কয় যে ‘দা চিগাৰেট এণ্ড আদাৰ টবেকো প্ৰডাক্টছ এক্ট’- ২০০৩ৰ অনুসৰি ৰাজহুৱা স্থানত চিগাৰেট বা তেনেধৰণৰ অন্য সামগ্ৰী সেৱনত পূৰ্বৰে পৰা নিষেধাজ্ঞা আছে।

কোনো লোকে যদি মহোৎসৱস্থলিত চিগাৰেট বা তেনেধৰণৰ অন্য সামগ্ৰী বিক্ৰী বা সেৱন কৰে তেন্তে তেওঁক আইন অনুসৰি শাস্তি প্ৰদান কৰা হ’ব বুলি জানিববলৈ দিয়ে।

নাগালেণ্ডৰ ঐতিহ্যপূৰ্ণ হৰ্ণবিল মহোৎসৱত শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।